নিউজ ডেস্ক,২০ অক্টোবৰঃজনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সংবাদমেল যোগে সদৰি কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই।
এই সংবাদমেলত প্ৰকাশ কৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষার্থীক ২০২২ বৰ্ষৰ উক্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৯,৭৪৮ গৰাকী ছাত্ৰীক আৰু ৭৫% তকৈ অধিক নম্বৰ লাভ কৰা ৬,০৫২জন ছাত্ৰক প্ৰদান কৰা হ’ব।
উল্লেখ্য যে,এই প্ৰস্তাৱমৰ্মে উচ্চ শিক্ষা বিভাগে ন ‘ডেল প্রিঞ্চিপালৰ জৰিয়তে হিতাধিকাৰীসকলক পঞ্জীয়ন আৰু বীমাৰ বাবে বিত্তীয় সাহায্য প্রদান কৰিব।
প্রাদেশীক মহাবিদ্যালয়ৰ ফিক্সড পে’ত কৰ্মৰত সহকাৰী অধ্যাপকৰ মাহিলি পাৰিশ্ৰমিক ৫৫ হাজাৰ (ফিক্সড)লৈ বৃদ্ধি কৰা হ’ব।
তদুপৰি ‘ভৈয়ামত পাহাৰীয়া জনজাতি’ আৰু ‘পাহাৰত ভৈয়াম জনজাতি’ৰ প্ৰমাণপত্ৰ জাৰিকৰণৰ হেতু উচ্চমানৰ প্ৰক্ৰিয়াৰ নিৰ্দেশনা
ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক, শৈক্ষিক আৰু নিযুক্তিৰ লাভালাভ প্রাপ্ত কৰাত সহায়ক হোৱাকৈ মিছন ভূমিপুত্ৰৰ অধীনত অনুসূচিত জাতি/অনুসূচিত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণী/বাকী অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰৰ দৰে উপায়ুক্তৰ দ্বাৰা অনলাইনযোগে যোগ্যসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।
পর্যটন বিকাশৰ বাবে কাজিৰঙাত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে ছৰাফ হোটেল এন্টাৰপ্রাইজ (হায়াট গ্রুপ অৱ হোটেলছ)ৰ দ্বাৰা নির্মাণ কৰা হোটেল।