এম জি এনৰেগা ৰূপায়ণত ব্যৰ্থ ৰাজ্য চৰকাৰ

Share

এদিনো কাম পাবলৈ সক্ষম নহ’ল জবকাৰ্ডধাৰী সকলে  । উন্নয়ন আৰু বিকাশৰ শ্লোগান দিয়া চৰকাৰখনৰ এই ব্যৰ্থতাই  উদঙালে ৰাজ্যৰ ফোপোলাস্বৰূপ । মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত এই দীৰ্ঘদিনীয়া আঁচনিখন সাৰ্থক ৰূপ পোৱাত বিফল  হ’ব লগা হ’ল । ৰাজ্যত বঞ্চিত হোৱা লাখ-লাখ  জবকাৰ্ডধাৰী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । এই আঁচনিখনৰ নিয়ম অনুযায়ী জবকাৰ্ডধাৰী পৰিয়ালে এশ দিনৰ কাম  লাভ কৰিব লাগিছিল । কিন্তু তাৰ বিপৰীতে এদিনো কাম লাভ নকৰিলে ৰাজ্যৰ প্ৰায় ৫১ শতাংশ পঞ্চায়তৰ জবকাৰ্ডধাৰী সকলে । যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে স্বাভাৱিকতে  এই তথ্যই পোহৰলৈ আনিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰকৃত ছবি । ৰাজ্যত মুঠ পঞ্চায়তৰ সংখ্যা হৈছে ২,৬৬১ ইয়াৰ ভিতৰত ১,৩৬৬ টা পঞ্চায়তৰ জবকাৰ্ডধাৰী পৰিয়ালে কামৰ পৰা বঞ্চিত হ’ব লগা হৈছে । দীৰ্ঘদিনীয়া  আঁচনীখনৰ লক্ষ্য-উদ্দেশ্য যেন ক্ৰমাত স্থবিৰ হৈ  পৰিছে । তেনে দৃশ্যই এই কথা স্পষ্ট কৰিছে । ৰাজ্যৰ বৰ্তমান শাসিত চৰকাৰখনৰ ইখনৰ পিছত আন এখন ন-ন আঁচনিৰে হিতাধীকাৰী সৃষ্টি কৰি উন্নতিৰ ঢাক-ঢোল বজোৱাৰ বিপৰীতে । ৰেচনকাৰ্ড , অৰুণোদয়ৰ নামত কোটি–কোটি টকা খৰচ কৰা চৰকাৰখনে এই আঁচনীখনক লৈ নিমাত কিয় । গ্ৰামাঞ্চলৰ ব্যক্তিসকলক এই আঁচনিখনৰ জৰিয়তে – প্ৰতিটো পৰিয়ালক জীৱিকাৰ নিৰাপত্তা প্ৰদান কৰা , উৎপাদনমূলক সম্পদ সৃষ্টি কৰা , দুখীয়া লোকৰ জীৱিকাৰ পথসমূহ শক্তিশালী কৰা , আঁচনিত ৰাইজক জড়িত কৰোৱা , পৰিৱেশ সংৰক্ষন কৰা , সামাজিক সমতা স্থাপন কৰা , গাঁওৰ পৰা চহৰলৈ হোৱা প্ৰব্ৰজন হ্ৰাস কৰা , অধিকাৰ ভিত্তিত আইনৰ জৰিয়তে গাঁওৰ দৰিদ্ৰসকল বিশেষকৈ গাঁওৰ মহিলাসকলক ক্ষমতা  প্ৰদান কৰা , পঞ্চায়তী ৰাজ ব্যৱস্থাক ৰাইজৰ কাষ চপায় শক্তিশালী কৰা আদি মহৎ উদ্দেশ্য আগত ৰাখি এই আঁচনিৰ ব্যৱস্থা কৰা হৈছিল কিন্তু ইয়াৰ পাছতো এই আঁচনিখন অৱহেলিত হোৱাৰ কথাই বৃহৎ প্ৰশ্নৰ অৱতাৰণা কৰিছে । এই পূৰ্বৰ আঁচনিখনৰ  প্ৰায় অচলাৱস্থাই  লাখ-লাখ জবকাৰ্ডধাৰী সকলক আশাহত কৰিছে । 

 

Leave a Reply

Your email address will not be published. Required fields are marked *