ৰাজ্যত পুনৰ অনুষ্ঠিত কৰা হ’ব টেট পৰীক্ষা। ৰাজ্যৰ ষষ্ঠ অনুসূচী অধীনস্থ ছখন জিলাত শিক্ষা বিভাগে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিব। কোকৰাঝাৰ, বাক্সা, চিৰাং, ওদালগুৰি, কাৰ্বি আংলং আৰু ডিমা হাছাওত এই বিশেষ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ এই জিলাকেইখনত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বাবে টেট পৰীক্ষা বিশেষভাৱে অনুষ্ঠিত কৰা হ’ব।
অহা ৩০ এপ্ৰিলত এই পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সদৰি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে । আজিৰ পৰা আৰম্ভ হয় এই পৰীক্ষাৰ আৱেদন প্ৰক্ৰিয়া । অহা ২৫ মাৰ্চলৈকে আৱেদন প্ৰক্ৰিয়া অব্যাহত থাকিব লগতে অহা ১৫ এপ্ৰিলত বিশেষ টেট পৰীক্ষাৰ ই-এডমিট কাৰ্ড প্ৰদান কৰা হ’ব। প্ৰাৰ্থীসকলে নিদিৰ্ষ্ট এপৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব।
উল্লেখযোগ্য যে, আজি সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত তিনিটা এপ মুকলি কৰা হয়। এই এপ তিনিটা ক্ৰমে, ষ্টপ মনিটৰিং ছিষ্টেম, আই চি টি মনিটৰিং ছিষ্টেম আৰু বিল ট্ৰেকিং ছিষ্টেম।