বৰ্তমানেও শান্ত হোৱা নাই ইজৰাইলৰ পৰিস্থিতি

Share

লেবাননৰ হিজবুল্লাহ দুৰ্গত  ইজৰাইলৰ মঙ্লবাৰে বিয়লি ( ভাৰতৰ সময় অনুসৰি ) অৰ্ধশতাধিক শিশু লগতে শতাধিক মহিলাসহ ৫৫৮ জন লোক নিহত হৈছে লগতে আকশী বোমা বিস্ফোৰণ আৰু ৰকেট আক্ৰমণত কমেও ১৮৩৫ জন লোক আঘাত প্ৰাপ্ত হয়। স্বাস্থ্য মন্ত্ৰালয়ে জনাই যে ইজৰাইলী বাহিনীয়ে দেশখনৰ বিভিন্ন অঞ্চলত অভিযান চলাইছে। আনহাতে, ইজৰাইলৰ আক্ৰমণ ৰোধ কৰিবলৈ হিজবুল্লাহ গোটেও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। মূলতঃ ইজৰাইলৰ বিমানবন্দৰক লক্ষ্য কৰি লোৱা হৈছে। ইফালে ইজৰাইল-হিজবুল্লাহ সংঘাতক লৈ চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰসংঘৰ বিশ্ব শক্তিসমূহ। ৰাষ্ট্ৰসংঘই দুয়োপক্ষক শীঘ্ৰে যুদ্ধবিৰতিৰ আহ্বান জনাইছে। ইজৰাইলৰ সেনা প্ৰধান হাৰ্জেই হালভিয়ে কয় যে তেওঁলোকে সকলো   ইউনিট নিয়োগ কৰি অধিক শক্তিশালী আক্ৰমণ চলাবলৈ ওলাইছে। আমি হিজবুল্লাহক শুবলৈ নিদিওঁ। বাহিনীটোৱে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে আজিৰ দিনটোত বাইডেনে শান্তি ঘূৰাই অনাৰ চেষ্টা কৰিছে। ৰাষ্টপতি মাছুদ পেজেস্কিয়ানে কয়, আমি শান্তিৰে জীয়াই থাকিব বিচাৰো। আমি যুদ্ধ নিবিচাৰো। কিন্তু ইজৰাইলে ইয়াক লৈ পূৰ্ণাংগ সংঘাত বিচাৰে। আৰব জগতত যদি পূৰ্ণাংগ যুদ্ধ হয়, তেন্তে সেয়া কাৰো বাবে ভাল নহ’ব। আমি লেবাননক ইজৰাইলৰ হাতত আন এখন গাজা হ’বলৈ নিদিওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *