মৌলবাদী তথা জেহাদী সংগঠনৰ কবলত পৰি বিচ্ছিন্নতাবাদী হৈছে পূৰ্ব বংগীয় মূলৰ লোক

Share

কিমান সুৰক্ষিত অসমৰ পৰিবেশ ? সেইয়া এতিয়া প্ৰশ্ন প্ৰত্যেকজন অসমবাসী ৰাইজৰ মনত ! বটদ্ৰবা কাণ্ডয়ে ইংগিত দিছে অসমৰ ভয়াৱহ ভৱিষ্যতৰ কথা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাস কৰা অনুপ্ৰবেশকাৰী লোকসকলৰ মাজত এতিয়া সোমাই পৰিছে মৌলবাদী তথা জেহাদীৰ সংগঠনসমূহ । লগতে সেইসকলৰ বসতি স্থানসমূহত বৃদ্ধি পাইছে জনসংখ্যা, যিয়ে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে। এনে পৰিস্থিতি অব্যাহত হৈ থাকিলে অচিৰেই অসমত খিলঞ্জীয়া সকল সংখ্যালঘুত পৰিণত হ’ব বুলি ধাৰণা কৰা হৈছে।

অসমত এতিয়া চলিছে একাংশ সংখ্যালঘু লোকৰ আধিপত্য। মৌলবাদী তথা জেহাদীৰ প্ৰশয়ে সমগ্ৰ ৰাজ্যলৈ ভাবুকি প্ৰদান কৰিছে। উদাহণস্বৰূপে বৰপেটাত ইজনৰ পাছত সিজন জেহাদীৰ লগত জৰিত থকা লোক গ্ৰেপ্তাৰ আৰু এতিয়া বটদ্ৰবা ঘটনাৰ তদন্তত বহুতো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। বটদ্ৰবা থানা পৰিকল্পিতভাৱে জ্বলাই দিয়া হৈছিল। এই কাণ্ডৰ লগত জড়িত আছে আলকায়দাৰ এটা দল যাৰ নাম হৈছে আনচাৰুল ইছলাম গোট, এই কথা সদৰি কৰে আৰক্ষীয়ে। ইতিমধ্য ৰাজ্যৰ বিভিন্ন মছজিদ, মাদ্ৰাছাত গোটতো প্ৰবেশ কৰিবলৈ সক্ষম হৈছে। সংগঠনটোৱে একাংশ মুচলমান লোকক উত্তেজিত কৰি শ্লিপাৰ চেল গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। এনে কাৰ্য্যক ৰোধ কৰিব নোৱাৰিলে অনাগত দিনত অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব । 

Leave a Reply

Your email address will not be published. Required fields are marked *