গুৱাহাটী ,৫ এপ্রিলঃ ২৩ বছৰ ধৰি খোদ দেৰাডুনৰ ডালনৱালা অঞ্চলত অৱস্থিত বৃদ্ধাশ্রমত থাকি ৭৮ বছৰীয়া এগৰাকী বৃদ্ধাই নিজৰ সম্পত্তিৰ দান কৰিলে কংগ্ৰেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ নামত ।নিজৰ সম্পত্তি ৰাহুল গান্ধীৰ নামত দান কৰা মহিলাগৰাকী হৈছে পুষ্পা মুঞ্জিয়াল ।এই বৃদ্ধাগৰাকীয়ে ৫০ লাখ টকাৰ স্থাৱৰ সম্পত্তিৰ উপৰিও ১০ তোলা সোণ ৰাহুল গান্ধীক প্রদান কৰিছে ।সোমবাৰে পুষ্পা মুঞ্জিয়ালৰ কন্যাই সকলো সম্পত্তিৰ মালিকীস্বত্ব ৰাহুল গান্ধীৰ নামত কৰি দি দেৰাডুনৰ আদালতত দাখিল কৰে এক ইচ্ছাপত্র আৰু তাৰ পাছতে মহানগৰ সভাপতি লালচান্দ শৰ্মা আৰু যোগ প্রশিক্ষক সীমা জ’হৰৰ উপস্থিতিত এই ইচ্ছাপত্রখন প্রাক্তন প্রদেশ সভাপতি প্রীতম সিঙক যমুনা কলনীস্থিত বাসগৃহত প্রদান কৰে ।
তদুপৰি ,এনেদৰে নিজৰ সম্পত্তি ৰাহুল গান্ধীৰ নামত কৰি দিয়া বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে । কিয়নো একাংশৰ মাজত খলকনি তুলিছে যে নিজৰ সম্পত্তি ৰাহুল গান্ধীৰ নামত মালিকীস্বত্ব দিয়া আঁৰৰ কাৰণক লৈ ।ইতিমধ্যে পুষ্পা মুঞ্জলিয়ে খোদ ব্যক্ত কৰিছে যে তেওঁ গান্ধী পৰিয়াল আৰু ৰাহুল গান্ধীৰ দ্বাৰা প্রভাৱিত ।লগতে উল্লেখ কৰিছে যে ৰাহুল গান্ধী সহজ-সৰল ,অমায়িক ব্যক্তি ।তদুপৰি ,গান্ধী পৰিয়ালে দেশৰ স্বাধীনতাৰ সময়ৰে পৰা আজিলৈ সদায় দেশৰ বাবে নিজৰ সৰ্বোচ্চ বলিদান দিছে ।ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে দেশৰ সেৱাৰ বাবে নিজকে আত্মসমৰ্পণো কৰিছে ।উল্লেখ্য যে , নিজৰ সম্পত্তিৰ মালিকীস্বত্ব প্রদান কৰা ৭৮ বছৰীয়া বৃদ্ধাগৰাকী আছিল অৱসৰপ্রাপ্ত শিক্ষয়িত্রী ।আজীৱন অবিবাহিত তেওঁ ।অৱসৰ লোৱাৰ পাছত ১৯৯৯ চনৰ পৰা তেওঁ বৃদ্ধাশ্রমত বাস কৰি আছে ।
|
|