নিউজ ডেস্কঃ ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৬ বছৰ। ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ শীৰ্ষ পদত অৰ্থাৎ সম্ৰাজ্ঞী হৈ তেঁওৰ আছিল সৰ্বোচ্চ কাল । ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাৰ পিছত ৰাণী এলিজাবেথৰ মৃত্যুৰ বাতৰি ঘোষণা কৰে বাকিংহাম পেলেচে।
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে তেওঁৰ শাৰীৰিক অসুস্থতাৰ যি খবৰ সমগ্ৰ ব্ৰিটেইনত বিয়পি পৰিছিল সেই খবৰে সমগ্ৰ ব্ৰিটেইনত উদিগ্নতাৰ সৃষ্টি কৰে। চিকিৎসকৰ পৰামৰ্শ মতে, ৰাণীক চাবলৈ তেওঁৰ চাৰি সন্তান প্ৰিন্স চাৰ্লচ, প্ৰিন্স আনা, প্ৰিন্স এন্দ্ৰিও আৰু প্ৰিন্স এডৱাৰ্ড ৰাওনা হয়। ৰাজ পৰিয়ালৰ প্ৰাইভেট বিমানেৰে তেওঁলোকক অনা হয়।
লক্ষণীয় যে, প্ৰথম অৱস্থাত চিকিৎসকে কোনোধৰণৰ অৱনতি ঘটা নাই বুলি কৈছিল যদিও পিছতে ভাৰতীয় সময় অনুসৰি নিশা ৰাজ পৰিয়ালৰ ফালৰ পৰা জনোৱা হয়, ৰাণী এলিজাবেথ আৰু নাই।