সোমবাৰৰ পৰা ভাৰতৰ জি-২০ অধ্যক্ষতাত নিয়োগ কৰ্মগোটৰ দ্বিতীয়খন বৈঠক তিনিদিনীয় কাৰ্যসূচীৰে অৰ্থাৎ ৫ এপ্ৰিললৈ গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব। এই তিনিদিনীয় অনুষ্ঠানত ১৯ খনৰো অধিক জি-২০ সদস্য দেশ, ৭খন অতিথি দেশ আৰু ৫টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৭২ জনতকৈও অধিক প্ৰতিন্ধিৰ সমাৱেশ ঘটিব।
উল্লেখ্য যে সকলোৰে বাবে শক্তিশালী , বহনক্ষম, ভাৰসাম্যযুক্ত আৰু চাকৰি সমৃদ্ধ বিকাশৰ বাবে অগ্ৰাধিকাৰ প্ৰদানেৰে শ্ৰম, নিয়োগ, সামাজিক বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ নিয়োগ কৰ্মগোটৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছে।
জি-২০ নিয়োগ কৰ্মগোটৰ দ্বিতীয়খন বৈঠকত ভাৰতীয় অধ্যক্ষতাৰ সময়ছেোৱাত নিয়োগ কৰ্মগোট ২০২৩ৰ বাবে ৩টা মূল অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ফলাফলৰ ওপৰত একমত গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱাব হ’ব।
বৈঠকখনৰ প্ৰথম দিনটোত শিক্ষা কৰ্মগোট, ডিজিটেল অৰ্থনীতি কৰ্মগোট, বিত্ত ট্ৰেক, জি-২০ উদ্যোগীকৰণ গৱেশণা কেন্দ্ৰ, এল ২০ আৰু বি-২০ অধ্যক্ষৰ দ্বাৰা বিভিন্ন অগ্ৰাধিকাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে আলোকপাত কৰা হ’ব।
বৈঠকৰ দ্বিতীয় দিনা কৰ্মগোটৰ বৈঠকৰ সময়ত একমতত মিলিত হোৱাৰ উদ্দেশ্য আগত ৰাখি বিভাগীয় মন্ত্ৰীৰ বিবৃত আৰু ফলাফলভিত্তিক নথিপত্ৰৰ ওপৰত আলোচনা কৰা হ’ব।