ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

Share

বহু অপেক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফল । পুৰণি নিয়ম ভংগ কৰি নতুন শিক্ষা নীতিৰে অৰ্থা९   ৩৭ বছৰৰ পাছত ঐতিহাসিক সিদ্ধান্তৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফল । নাথাকিল কোনো অসমত প্ৰতি বছৰে লাভ কৰি অহা দহটা শীৰ্ষ স্থান । কালি সামাজিক মাধ্যম যোগে শিক্ষামন্ত্ৰী ৰোনোজ পেগুৱে ঘোষণা কৰে ফলাফলৰ দিন ৷ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে- অহা বছৰৰ পৰা মেট্ৰিকতো নাথাকিব শীৰ্ষ ১০ টা স্থান।ইয়াৰ উপৰি মুকলি কৰিলে বহুকেইটা ৱেবচাইট। সেইকেইটা হল- ahsec.assam.gov.in. www.indiaresults.com. assamjobalerts.comiresults.net,exametc.comwww.asamresults.co.in, www.results.shiksha এই কেইটা ৱেবচাইটত ইতিমধ্যে উপলবদ্ধ উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ৷ পুৱা ৯ বজাৰত মুকলি কৰা হ’ল পৰীক্ষাৰ ফলাফল ৷ উল্লেখ্য যে চুড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত উত্তীৰ্ণৰ শীৰ্ষস্থানত আছে বাক্সা জিলা।আনন্দিত হৈ পৰিছে বাক্সা জিলাৰ ছাত্ৰ- ছাত্ৰী৷উত্তীৰ্ণৰ হাৰসনুহ ক্ৰমে- কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৯.১৮% বিজ্ঞানত ৮৯.৮৮% বাণিজ্যত ৮৭.৮০% আৰু ভকেচনেল শাখাত উত্তীৰ্ণৰ হাৰ ৮৫.৭৮%। কলা শাখাত ৯৭.৪৪% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বাক্সা জিলা। ৯৭.০৩% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে নলবাৰী জিলা। ৯৬.৯৫% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে দৰং জিলা। আনহাতে বাণিজ্য শাখাত শিৱসাগৰ জিলাইও ৯৭.৮২% ৰ সৈতে শীৰ্ষস্থানত । আৰু তাৰ পিছতেই ৯৬.৯১% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে বজালী জিলা। ৯৫.৮৮ উত্তীৰ্ণৰ হাৰেৰে উমৈহতীয়াভাৱে তৃতীয় স্থানত আছে বাক্সা, চৰাইদেউ জিলা। বিজ্ঞান শাখাত ৯৭.৯৮% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তামুলপুৰ জিলা। তাৰোপৰি ৯৭.৬০% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত শিৱসাগৰ জিলা। ৯৫.৮৬% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে বাক্সা জিলা। আজি এই ফলাফলত জিলিকি উঠিল বহুকেইখন জিলা । উ९সৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন বিদ্যালয়ৰ চৌহদ ।

Leave a Reply

Your email address will not be published. Required fields are marked *