আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Share

আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।পুৱা ১০ বজাৰ লগে লগে ছেবাই ঘোষণা কৰিলে এই ফলাফল,১০ টাকৈ ৱেবছাইটত ঘোষণা কৰা হৈছে এই ফলাফলসমুহ ।

উল্লেখযোগ্য যে , প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ ঢেকীয়াজুলীৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়া । হৃদমে  মুঠ ৫৯৬- নম্বৰ লাভ কৰিব সক্ষম হৈছিল।দ্বিতীয় স্থান লাভ কৰিছে চাৰিগৰাকী শিক্ষাৰ্থীয়ে।দ্বিতীয় স্থানত নগাঁও চৰকাৰী গভৰ্ণমেন্ট বয়জ এইচ এছ স্কুলৰ ইছৰত ফাৰিহা ,নলবাৰীা আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু ছেইন্ট যোছেফ স্কুল সোণাৰিৰ আদিত্য অনুপম কোঁৱৰ।আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰকৈ।

আনহাতে তৃতীয় স্থানত জিলিকিল দুুমুনীচকী ইংলিছ স্কুল, দৰঙৰ নিলুফাৰ ৰহমান, আৰ্দশ বিদ্যাপীঠ, ভোলাগুৰি, গোলাঘাটৰ অনিন্দিতা বৰা আৰু শংকৰদেৱ শিশু নিকেতন , বাহাৰঘাটৰ মৃগাংক ভট্ৰাচাৰ্য এই আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯২ নম্বৰকৈ ।

Leave a Reply

Your email address will not be published. Required fields are marked *