আজিৰে পৰা আৰম্ভ হল ষ্কুলৰ প্ৰফাইল আপলোড প্ৰক্ৰিয়া

Share

ৰাজ্য় চৰকাৰৰ শিক্ষা বিভাগে ইতিপূৰ্বে আৰম্ভ কৰা শিক্ষা সেতু এপত আজিৰে পৰা বিদ্য়ালয় সমূহৰ প্ৰফাইল আপলোড  প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৩০ এপ্ৰিললৈ বিদ্যালয় প্ৰফাইল আপলোডৰ এই প্ৰক্ৰিয়া চলি থাকিব।শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি এখন সংবাদমেলত এই কথা সদৰী কৰে।তেওঁ কয়  ৰাজ্য়ৰ বিদ্য়ালয়সমূহৰ তথ্য় ইউ-ডাইচত উপলদ্ধ আছে।কিন্তু ইউ-ডাইচ কেন্দ্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত।ইয়াত তথ্য়ৰ সাল-সলনি কৰিবলৈ হলেও বহু সময় ৰব লাগে।সেয়ে ৰাজ্য় চৰকাৰে আৰম্ভ কৰা শিক্ষা সেতু এপত প্ৰথমে বিদ্যালয়ৰ প্ৰফাইল সমূহ আপলোড কৰাৰ বাবে এসপ্তাহৰ কাৰ্যসূচী লোৱা হৈছে।  বিদ্যালয় সমূহত চৰকাৰে আৰম্ভ কৰা শিক্ষা সেতু এপত প্ৰথমে বিদ্য়ায়ৰ প্ৰফাইলসমূহ আপলোড কৰাৰ বাবে এসপ্তাহৰ কাৰ্যসূচী লোৱা হৈছে।

বিদ্য়ালয়সমূহত   চৰকাৰে যোগান ধৰা টেবলেটৰ মাধ্য়মেৰে এই তথ্য়সমূহ আপলোড কৰাৰ প্ৰক্ৰিয়া সম্পন্ন হব।বিদ্য়ালয়ৰ প্ৰফাইল আপলোডৰ এই প্ৰক্ৰিয়াত বিদ্যালয়খনৰ এলকাৰ স্থানীয় ভাষা কি সেই তথ্য়ও শিক্ষা সেতু এপত আপলোড কৰিবলৈ কোৱা হৈছে।শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ৩বছৰৰ পৰা ৮ বছৰৰ ছাত্ৰ-ছাত্ৰীক বুনিয়াদী শিক্ষা মাতৃ-ভাষাৰ মাধ্য়মত  প্ৰদান কৰিবলৈ কোৱা হৈছে। গতিকে স্কুলখনৰ মাধ্য়ম যিয়েই  নহওক, অঞ্চলটোত প্ৰচলিত ভাষাৰ ওপৰতো গুৰুত্ব দিয়া হব।

প্ৰথম এটা সপ্তাহত বিদ্য়ালয়সমূহৰ প্ৰফাইল শিক্ষা  সেতু এপত আপলোড কৰাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্য়ালয়সমূহত শিক্ষক আৰু অন্যান্য় কৰ্মচাৰীৰ তথ্য়ও এই এপটোত আপলোড কৰাৰ ক্ষেত্ৰত শিক্ষক সমাজ,নাগৰিক,অভিভাৱকসকলৰো সহায়   কামনা কৰিছে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *