প্ৰতিফলিত হ’ল প্ৰধানমন্ত্ৰীৰ বন্ধু প্ৰেম

Share

দেশত এতিয়া চলিছে আদানিৰে বাবে আদানিৰ চৰকাৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানিৰ দখলত সোমাই পৰিছে দেশৰ বিদ্যুৎ খণ্ড।অসমৰ স্মাৰ্ট মিটাৰ যোগানৰ ৮৪৪ কোটি টকাৰ ঠিকা লাভ কৰা আদানিৰ স্বাৰ্থতে বিদ্যু ক্ৰয়ৰ নিবিদা আহবান কৰিছে ইখনৰ পাছত সিখন ৰাজ্যই।বাংলাদেশে অধিক দামত আদানিৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰৰাৰ পাছতেই এইবাৰ আদানিৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ আগবাঢ়িছে দুখনকৈ বিজেপি শাসিত ৰাজ্য।এই দুখন ৰাজ্যত যাতে আদানিয়েহে বিদ্যুৎ যোগান ধৰিব পাৰে, তাৰ বাবেও আদানিৰ সুবিধা হোৱাকৈ নিৰ্ধাৰন কৰা হৈছে নিবিদাৰ চৰ্তা ‘ৰিপোৰ্টাৰ্ছ কালেক্টিভ’ৰ শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে আদানিৰ স্বাৰ্থত বিজেপি শাসিত ৰাজ্যই কৰা কাৰছাজিৰ নতুন-নতুন তথ্য। ৰিপোৰ্টাৰ্ছ কালেক্টিভৰ শেহতীয়া প্ৰতিবেদন অনুসৰি,মহাৰাষ্ট্ৰ আৰু ৰাজস্হান চৰকাৰে আগন্তক ২৫ বছৰলৈ বিদ্যু ক্ৰয় কৰিবৰ বাবে নিবিদাৰ আহবান কৰিছে।এই দুয়োখন ৰাজ্যই নিবিদাৰ চৰ্তত এইদৰে উল্লেখ কৰিছে যে বিদ্যু যোগান ধৰা কোম্পানীৰ সৌৰশক্তি আৰু কয়লা চালিত থাৰ্মেল প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদনৰ অৰ্হতা থাকিব লাগিব। এই চৰ্তৰ দ্বাৰাই আদানিৰ বাবে নিবিদা লাভৰ পথ প্ৰশস্ত কৰি দিয়ে মহাৰাষ্ট্ৰ আৰু ৰাজস্হান চৰকাৰে।

.

Leave a Reply

Your email address will not be published. Required fields are marked *