দেশৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব বিশেষ ৭৫ টকীয়া মুদ্ৰা

Share

২৮ মে’ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নতুন সংসদ ভৱন। নতুন সংসদ ভৱনৰ উদ্বোধনী উপলক্ষে ৭৫ টকীয়া বিশেষ মুদ্ৰা মুকলি কৰা হ’ব বুলি বৃহস্পতিবাৰে বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন অৰ্থে এই মুদ্ৰাটো মুকলি কৰা হব।

মুদ্ৰাটোৰ এটা পিঠিত অশোক স্তম্ভৰ সিংহ থাকিব, লগতে লিখা থাকিব “সত্যমেৱ জয়তে”। বাঁওফালে ”ভাৰত” শব্দটো দেৱনাগৰী লিপিত লিখা থাকিব। সোঁফালে ইংৰাজীত ”ইণ্ডিয়া” বুলি লিখা থাকিব। মুদ্ৰাটোত টকাৰ চিহ্নও থাকিব লগতে ৭৫ লিখা থাকিব। মুদ্ৰাটোৰ আনটো ফালে সংসদ চৌহদৰ এখন ছবি দেখুওৱা হ’ব। মুদ্ৰাটোৰ ওপৰৰ ফালে দেৱনাগৰী লিপিত “সংসদ চানকুল” আৰু তলৰ ফালে ইংৰাজীত “সংসদ কমপ্লেক্স”  লিখা থাকিব।

উল্লেখযোগ্য যে, দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই অনুষ্ঠানত ২৫টা দলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে যদিও কমেও ২০টা বিৰোধী দলে এই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

কংগ্ৰেছ, আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিকে ধৰি অন্যান্য দলসমূহে ঘোষণা কৰিছে যে তেওঁলোকে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰিৱৰ্তে, নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে লোৱা সিদ্ধান্তক লৈ বিৰোধী দলসমূহে অসন্মতি প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *