সাল-সলনি হ’ব পাৰে সৰ্বা-হিমন্তৰ ৰাজনৈতিক ক্ষেত্ৰ

Share

সলনি হ’ব পাৰে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট।২৪ ৰ লোকসভা নিৰ্বাচন পৰিগণিত হ’ব পাৰে অসমৰ ৰাজনৈতিক দৃশ্যপটৰ বাবে এক পৰিৱৰ্তনৰ অধ্যায়।ইয়াৰ উমান পোৱা গৈছে বিজেপিৰ আভ্যন্তৰিণ স্তৰত।আৰু কেইটামান মাহৰ পিছতেই দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। প্ৰতি শাসক-বিৰোধী এতিয়া ব্যস্ত নিৰ্বাচনী ৰণকৌশল নিৰ্মানত।ইতিমধ্যেই ৰাজ্যৰ ১৫ টা বিৰোধী দলে ঐক্যৱদ্ধভাবে বিজেপিৰ বিৰুদ্ধে  ৰণত নামিবলৈ সাজু হৈছে।ইয়াৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক যোগ-বিয়োগৰ বাবে অহা ১০ জানুৱাৰীত অসমত পদাৰ্পন কৰিব  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই।

অসমৰ ৰাজনৈতিক ইতিহাসত পূৰ্বৰে পৰাই উজনি অসমত সৰ্বানন্দ সোনোৱাল আৰু নামনি অসমত হিমন্ত বিশ্ব শৰ্মা দুটি শক্তিশালী কন্ঠ।কিন্তু, অদূৰ ভৱিষ্যতত সলনি হোৱাৰ সম্ভাৱণা আছে বিজেপিৰ ৰাজনৈতিক প্ৰেক্ষাপট।২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে নামনি অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোৱাৰ পৰিকল্পনা কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক।সুদীৰ্ঘ ২৫ বছৰীয়া ৰাজনৈতিক কাৰ্যকালত সোণোৱাল কছাৰী সম্প্ৰদায়ৰ প্ৰতিনিধি তথা উজনি অসমৰ ৰাজনৈতিক প্ৰতিনিধি হিচাপে পৰিচিত সৰ্বানন্দ সোনোৱাল গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে নতুন মুখ হোৱাৰ পূৰ্ণ সম্ভাৱণা এতিয়া পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে উজনি অসমলৈ লৈ যোৱা হ’ব পাৰে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাক।সেই অনুসৰি ২০২৬ চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ১৯৯৬ চনৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি অহা ডo শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে যোৰহাট বিধানসভা সমষ্টিত ।আনহাতে এনে এক প্ৰেক্ষাপটত বৰ্তমান যোৰহাট বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক হিতেন্দৰ নাথ গোস্বামীৰ ৰাজনৈতিক ভৱিষ্যতকলৈও চলিছে আলাপ-আলোচনা।

Leave a Reply

Your email address will not be published. Required fields are marked *