পদুলিমুখত হেপাহৰ বিহুতিক আদৰিবলৈ সাজু ৰাজ্যবাসী

Share

শীতৰ শেষত ফাগুণৰ বতাহজাকে শুকান কৰি পেলোৱা মানুহৰ মনলৈ শান্তি কঢ়িয়াই আনিছে বসন্তৰ পৰিৱেশে। ব’হাগ মানেই যেন অসমীয়াৰ বাবে এক সুকীয়া আবেগ । আগৰ দিনবোৰৰ দৰেই এইবেলিও অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে অসমীয়া। ব’হাগ বিহুলৈ মাজত মাথো চাৰিটা দিন বাকী শুকুৰবাৰে গৰু বিহু । গাৱেঁ-ভূঞে,চহৰে-নগৰে এতিয়া বিহুক লৈ ব্যপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। ঢোল-পেপাঁৰ শব্দই আকাশ ৰজনজনাই তুলিছে। ঠিক তেনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু সমিতিবোৰে প্ৰতিবছৰৰ দৰে লাখ টকাৰ বাজেটেৰে আয়োজন কৰিবলৈ লৈছে। এইবেলি অসম চৰকাৰে বিহুক গীনিজ বুক অৱ ৱল্ড ৰেৰ্কডছৰ বাবে অহা ১৪ এপ্ৰিলত মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত ১১ সহস্ৰাধিক বিহুৱা-বিহুৱতিয়ে বিহুনৃত্য প্ৰদৰ্শন কৰিবৱৈ দিনে নিশাই অহৰহ চেষ্টা চলায় আছে।ঠিক তেনেদৰে অসমৰ সংগীত শিল্পীসকলেও অনুস্থানবোৰত সংগীত পৰিৱেশন কৰিৱলৈ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ কৰিছে।

একেদৰে অনুষ্ঠানৰ সমান্তৰালকৈ ব’হাগ বিহুক আদৰিবলৈ প্ৰস্ততি আৰম্ভ কৰিছে ঘৰে ঘৰে। লগতে বিহুৰ দিনটোত  মিটিৰ – কুটুম্ব , প্ৰিয়জনক  এযোৰ কাপোৰ দিবলৈ বজাৰত ভিৰ কৰাও পৰালক্ষিত হৈছে। কাপোৰৰ বজাৰ সমুহৰ সমান্তৰালকৈ সমগ্ৰ  দোকানসমুহতো ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু অত্যাধিক মূল্যবৃদ্ধিৰ ফলত বস্তু কিনিবলৈ মানুহে সংকোচ কৰিবলগীয়া হৈছে  আৰু এনেদৰেই  বিভিন্ন প্ৰস্তুতিৰে অসমীয়াই হেপাঁহৰ ৰঙালী বিহুটিক আদৰিবলৈ সামাৰ্থ্য অনুযায়ী সাজু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *