ভোগালীক আদৰিবলৈ সাজু অসমবাসী

Share
আঘোনৰ পথাৰত সোণগুটি চপোৱাৰ পিছতে গাঁৱৰ ৰাইজ সাজু হৈছে সম্প্ৰীতিৰে এহাজ খাবলৈ। ভোগালীৰ আনন্দ ল’বলৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা।ভেলাঘৰ,মেজি সজাৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা-বুঢ়া সকল।আখলতো ব্যস্ততা বাঢ়িছে জীয়ৰী-বোৱাৰীৰ।লাৰু,পিঠা,দৈ,চিৰাকে ধৰি বিভিন্ন ব্যঞ্জনেৰে ভোগালীৰ ভোগলৈ সাজু হৈছে ৰাজ্যবাসী।দৈ,ক্ৰীমৰ সোৱাদ দিবলৈ সাজু গো-পালক,ম’হ পালকসকল।

আনহাতে বজাৰতো ভোগালীৰ ভোগৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।ভোগালী বিহুৰ উৰুকাৰ দিনা গাঁৱৰ সকলোৱে একেলগে মিলি ভোজ ভাত খাই,নাচি বাগি উজাগৰে থাকে।খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাঁৱৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়।ইয়াৰোপৰি উৰুকাৰ ৰাতি চেমনীয়া ল’ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি,শাক-পাচলি,কুকুৰা-পাৰ,আলু-কবি আদি চুৰ কৰি আনি ভোজভাত খায়।

Leave a Reply

Your email address will not be published. Required fields are marked *