গাঁও অঞ্চলতকৈ বৃদ্ধি পাইছে চহৰত নিবনুৱাৰ সংখ্যা

Share
ডিজিটেল ডেস্ক, ২২ এপ্ৰিলঃবিগত কেইদিনমান ধৰি ধাৰাবাহিকভাবে হৈ থকা মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি তোলা পৰিলক্ষিত হৈছে। কেৱল সাধাৰণ জনতাৰ মাজতে নহয় উদ্যোগ জগততো মূল্য বৃদ্ধিয়ে যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে।যাৰ ফলত সমগ্ৰ দেশ তথা ৰাজ্যত যথেষ্ঠ নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে আকাশলংঘী মুদ্ৰাস্ফীতিৰ ফলত গ্ৰামাঞ্চলতকৈ চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে অৰ্থনৈতিক বিশ্লেষকসকলে দাবী কৰিছে যে চহৰ অঞ্চলত নিবনুৱাৰ সংখ্যাই ১০ শতাংশৰ ঘৰলৈ গতি কৰিছে আৰু তাৰ পূৰ্বে চহৰ অঞ্চলত নিবনুৱাৰ হাৰ আছিল ৭.৩৬ শতাংশ। যাৰ কাৰণে যঠেষ্ট সমস্যা সন্মুখীন হবলগীয়া হৈছে সাধাৰণ জনতাই। 

Leave a Reply

Your email address will not be published. Required fields are marked *