‘নিয়া’ৰ গোচৰত জামিন লাভ কৰিলে বিধায়ক অখিল গগৈ

Share

সৰ্বোচ্চ ন্য়ায়ালয়ে শিৱসাগৰৰ দলৰ বিধায়ক অখিল গগৈক জামিন প্ৰধান। উচ্চতম ন্যায়ালয়ৰ ন্য়ায়াধীশ ভি ৰামসুব্ৰমণিয়ম আৰু ন্য়ায়াধীশ পংকজ মিট্টলৰ বিচাৰপীতে ‘নিয়া’ ৰুজু কৰা বিষয়টো সন্দৰ্ভত ৰায় প্ৰদান কৰি বিধায়ক অখিল গগৈক ন্যাৰ গোচৰত জামিন প্ৰদান কৰে।

সৰ্বোচ্চ ন্যায়ালয়ে অখিল গগৈৰ এই গোচৰটোৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অপৰিৱৰ্তিত ৰাখি বিশেষ আদালতত বিচাৰ পক্ৰিয়া সম্পূৰ্ণ নোহোৱাপৰ্যন্ত বিধায়ক গৰাকীক জামিন দিয়ে উচ্চতম ন্যায়ালয়ে।

বিচাৰ পক্ৰিয়া হুনানিকালত আদালতে এই বুলিও মন্তব্য আগবঢ়াই যে আবেদনকাৰী অখিল গগৈ ৫৬৭ দিন কাৰাগাৰত আছিল।ইয়াৰ পিছত কাৰাগাৰৰ পৰা মুক্ত হোৱা ২১ মাহ পাৰ হৈছে।কিন্তু এই ২১ মাহৰ সময়ত অখিল গগৈ কোনো বে-আইনী কাৰ্যকলাপত জড়িত থকাৰ তথ্য নাই।উচ্চতম ন্যায়ালয়ে বিধায়কগৰাকীৰ জামিন মঞ্জুৰ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিধায়কগৰাকীৰ সমৰ্থক সকলৰ মুখত হাঁহি বিৰিঙা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *