শপত ল’লে অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই

Share

অসমৰ নৱনিযুক্ত ৰাজ্যপাল হিচাপে আজি শপত ল’লে গুলাব চান্দ কাটাৰিয়াই। নৱ নিযুক্তি ৰাজ্যপাল গৰাকীক আদৰণি জনাবলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্টীয় বিমানবন্দৰত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, ইউ জি ব্ৰক্ষ্ম, বিমল বৰা, ভৱেশ কলিতা আৰু  কেইবাজনো আৰক্ষীৰ শীৰ্ষ বিষয়া। শপত গ্ৰহণৰ প্ৰাকমূৰ্হুতত ভগৱানৰ আশিষ ল’লে নীলাচলস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত।

বুধবাৰে দিনৰ ঠিক ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৱ নিযুক্ত ৰাজ্যপালগৰাকীয়ে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশে পাঠ কৰোৱাই শপত বাক্য। উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্যযোগ্য যে, ৰাজ্য়পাল হিচাপে শপত গ্ৰহণ কৰা কাটাৰিয়া ইয়াৰ পূৰ্বে ৰাজস্থানৰ গৃহমন্ত্ৰী , গ্ৰামোন্নয়ন আৰু পঞ্চায়ত আদি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও বিৰোধী দলৰ দলপতিৰ ভূমিকা পালন কৰিছিল।   

Leave a Reply

Your email address will not be published. Required fields are marked *