বুধবাৰে গুৱাহাটী আৰক্ষীয়ে ৰঞ্জিত বৰাৰ হত্যাৰ মুল অভিযুক্ত শ্বাহ আলম তালুকদাৰৰ সহযোগী দুজনক গ্ৰেপ্তাৰ কৰে। লোক দুজনক গুৱাহাটীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক শ্বাহ আলমৰ জেৰাৰ সময়ত দিয়া বক্তব্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে প্ৰমাথেশ পাপু দিহিংগীয়া আৰু বিপুল দাস বুলি চিনাক্ত কৰা হৈছে।তথ্য অনুসৰি, দুয়োজন সহযোগীয়ে এটা গেছ এজেঞ্চিৰপৰা ৩.৪ লাখ টকা লুটিছিল আৰু সেই ডকাইতি কাণ্ডৰ লগত শ্বাহ আলমো জড়িত আছিল।
উল্লেখ্যযোগ্য যে, শ্বাহ আলম হৈছে গুৱাহাটীস্থিত ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাৰ মুল অভিযুক্ত। ফেব্ৰুৱাৰী ৬ তাৰিখে, দিশপুৰ আৰক্ষীয়ে শ্বাহক সাত দিনৰ বাবে তেওঁলোকৰ জিম্মাত লৈছিল। তেওঁক দেওবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
ইতিমধ্যে পল্টনবজাৰ আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ হয় আন দুজন অভিযুক্ত।