ৰাজ্যিক কেবিনেটৰ নতুন সিদ্ধান্ত

Share

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত সোমবাৰে দিছপুৰ লোকসেৱা ভৱনত অনুস্থিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।উক্ত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ প্ৰতি ৰাজ্যিক কেবিনেটে অনুমোদন জনায়।অনুমোদিত এনে বহু সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম হৈছে বসুন্ধৰা ৩.০।বসুন্ধৰা ৩.০ৰ সন্দৰ্ভত কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি জনায় যে, অহা ১৬ ফেব্ৰুৱাৰীত ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰা আঁচনি বসুন্ধৰা ২.০ প্ৰক্ৰিয়াৰ অন্ত পৰিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত আৰম্ভ হ’ব বসুন্ধৰা ৩.০ৰ নতুন প্ৰক্ৰিয়া।এই বসুন্ধৰা ৩.০ৰ অধীনত নগৰাঞ্চলত বাস কৰা ভূমিহীন লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে ধৰ্মীয় অনুস্থানসমূহকো মাটিৰ পট্টা প্ৰদান কৰা হ’ব।ইয়াৰ লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জনায় যে, অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ বসুন্ধৰা ২.০ প্ৰক্ৰিয়াৰ অধীনত মাটিৰ পট্টা পোৱা লোকসকলক জিলাই জিলাই সভা সমিতি পাতি মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলে মাটিৰ পট্টা বিতৰণ কৰিব।কেবিনেটৰ এই বৈঠকত অসমমালা ২.০ৰ অধীনত নিৰ্মাণ কৰিবলগীয়া ১২টা প্ৰকল্পৰ বাবে ১,৫১০.৯৮ কোটি টকা ব্যয়ৰ সিদ্ধান্তৰ প্ৰতিও অনুমোদন জনায়। 

Leave a Reply

Your email address will not be published. Required fields are marked *