সালসলনি ঘটিল ৰাজ্যৰ জিলা অভিভাৱক মন্ত্ৰীৰ নাম, কোন মন্ত্ৰীয়ে পালে কোন জিলাৰ দায়িত্ব

Share
নিউজ ডেস্কঃ সালসলনি  কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ জিলা অভিভাৱক মন্ত্ৰীৰ দায়িত্ব। পূৰ্বৰ জিলা সমূহৰ বিপৰীতে ৰাজ্য চৰকাৰৰ ১৫ গৰাকী মন্ত্ৰীক নতুন জিলাৰ দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসৰি, মন্ত্ৰী অতুল বৰাক দিয়া হৈছে কামৰূপ মহানগৰৰ দায়িত্ব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক দিয়া হৈছে ৩ খন জিলা ক্ৰমে- বঙাইগাঁও, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব। ৰাজ্য চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কেশৱ মহন্তক  মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে একেদৰে নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক। একেদৰে বিত্তমন্ত্ৰী অজন্তা নেওগ হ’ব যোৰহাট আৰু নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী।
লগতে, শিক্ষামন্ত্ৰী ৰণোজ পেগুক দিয়া হৈছে তিনিখন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব। সেই জিলা কেইখন হৈছে- শিৱসাগৰ, মাজুলী আৰু বৰপেটা আৰু কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে অশোক সিংহলক। ৰাজ্যৰ কেবিনেটত নতুনকৈ অন্তৰ্ভূক্ত হোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাছাৰ, ধুবুৰী আৰু হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে নতুন তালিকাত। চন্দ্ৰ মোহন পাটোৱাৰীক প্ৰদান কৰা  হৈছে কামৰূপ আৰু দৰঙৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ  দায়িত্ব। লগতে, মন্ত্ৰী যোগেন মোহনক কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ দায়িত্ব অৰ্পণ কৰাৰ বিপৰীতে শক্তিমন্ত্ৰী বিমল বৰাক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *