মূল্যবৃদ্ধিয়ে জুৰুলা কৰি অহা সাধাৰণ জনতাক মোডী চৰকাৰে দিলে এক বৃহ९ সকাহ

Share

দেশত মূল্যবৃদ্ধি কোনো এটা নতুন সমস্যা নহয় । বছৰ বছৰ ধৰি ক্ৰমা९ বৃদ্ধি আহিছে পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য । মূল্যবৃদ্ধিয়ে জুৰুলা কৰি অহা সাধাৰণ জনতাক মোডী চৰকাৰে দিলে এক বৃহ९ সকাহ । ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ২০০ টকাকৈ হ্ৰাস কৰিলে কেন্দ্ৰৰ মোডী চৰকাৰে । বুধবাৰে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকতে চিলিণ্ডাৰৰ হ্ৰাসৰ সিদ্ধান্ত ঘোষণা কৰে । তদুপৰি উজ্বলা আঁচনিৰ হিতাধিকাৰিক ৪০০ টকাকৈ ৰেহাই দিয়া হৈছে । কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মূখপাত্ৰ অনুৰাগ ঠাকুৰে । এই আঁচনিৰ অধীনত ইতিমধ্যে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে প্ৰায় ২০ কোটি মহিলাক । অসমত ৯৫২ টকাকৈ হ্ৰাস পাব চিলিণ্ডাৰৰ দাম । ইতিমধ্যে সকলোৱে জ্ঞাত নিৰ্বাচন সমাগত । এই আকস্মিকভাৱে ৰন্ধন গেছৰ মূল্য হ্ৰাস কেৱল এক নিৰ্বাচনী চমক বুলি একাংশই মত পোষণ কৰা পৰিলক্ষিত হৈছে । ৮বছৰে দাম বৃদ্ধি কৰি নিৰ্বাচন চমু চাপি অহাৰ লগে লগে লগেই ২০০ টকা হ্ৰাস কৰি জনসাধাৰণক উপহাৰ দিয়াৰ তা९পৰ্য ক’ত ? কিমান দিনলৈ হ্ৰাস কৰা হ’ব ৰন্ধন গেছৰ মূল্য ? নিৰ্বাচনৰ বাবে মধ্যবিত্ত আৰু নিম্নমধ্যবিত্ত শ্ৰেণীক আকৰ্ষিত কৰাৰ এক কৌশল বুলি গণ্য কৰিব পাৰি নেকি ? ইতিমধ্যে বিৰোধীপক্ষত চৰকাৰৰ এই পদক্ষেপক এক নিৰ্বাচনী কৌশল কৰা বুলি পৰিলক্ষিত হৈছে । প্ৰধানমন্ত্ৰীৰ এই উপহাৰ কিমান দিন ৰাইজক সহায় কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *