বজাৰত উপলব্ধ বিভিন্ন ব্ৰেণ্ডৰ চাহৰ পেকেটত বৰবিহ।চাহৰ নামত এক প্ৰভাৱশালী চক্ৰই সেউজীয়া সোণত কৃত্ৰিম ৰং ব্যৱহাৰ কৰি গ্ৰাহকক খুৱাইছে বৰবিহ। এই চাহৰ উজ্জ্বল ৰং দেখি গ্ৰাহকে ইয়াক উৎকৃষ্ট চাহ বুলি ভাবি ক্ৰয় কৰি আছে।
১৮ আগষ্টত যোৰহাটত সৰ্বভাৰতীয় চাহ ব্যৱসায়ী সন্থাটোৱে উদঙাইছে এই তথ্য।। চাহ ব্যৱসায় সন্থাই এখন সংবাদ যোগে বজাৰত উপলব্ধ বিভিন্ন ব্ৰেণ্ডৰ পেকেট চাহৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা এই তথ্য পোহৰলৈ আহিছে। কিন্তু এতিয়ালৈকে নিশ্চিত কৰিব পৰা নাই প্ৰকৃততে কি ধৰণে চাহত কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হৈছে । এই মাৰাত্মক চাহে এতিয়া যেন জনতাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্ট কৰিছে।
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলতো কৃত্ৰিম ৰং ব্যৱহাৰ কৰা চাহৰ বৃদ্ধি পোৱা তথ্য পোহৰলৈ আহিছে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আৰু ইৰানে চাহ ক্ৰয় কৰাৰ বাবে এই বছৰ দেশৰ চাহৰ ৰপ্তানি ১০ শতাংশ হ্ৰাস পোৱা বুলি আশংকা কৰিছে সন্থাটোৱে।