ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ১৫ অক্টোবৰত মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ

Share

ডিজিটেল ডেস্ক, কাজিৰঙা, ১০ অক্টোবৰঃ ২০২৩-২৪ বৰ্ষৰ পৰ্যটনৰ বাবে অহা ১৫ অক্টোবৰত মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে প্ৰকাশ কৰে এই কথা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষে জনোৱা অনুসৰি ‘গ্ৰেটাৰ কাজিৰঙা টুৰিজিম’ পৰিকল্পনাৰে লাওখোৱা, বুঢ়াচাপৰি আৰু বিশ্বনাথক সামৰি ২০২৩-২৪ বৰ্ষৰ পৰ্যটনৰ বাবে ন-ৰূপেৰে সজোৱা হ’ব কাজিৰঙাক। ২০২৩-২৪ বৰ্ষত পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হ’ব গঁড়ৰ খৰ্গৰ ছাঁইৰে নিৰ্মিত তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি।
তথ্যমতে, ১৫ অক্টোবৰত কেৱল মুকলি কৰা হ’ব জীপ ছাফাৰী। হাতী ছাফাৰীৰ বাবে পৰ্যটকে ৰ’ব লাগিব নৱেম্বৰলৈ। ১৫ অক্টোবৰত দ্বাৰ মুকলি অনুষ্ঠানৰ নিমন্ত্ৰিত অতিথি ক্ৰমে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু চন্দ্ৰমোহন পাটোৱাৰী। পূৰ্বৰ তুলনাত বতৰৰ প্ৰতিকূল অৱস্থাৰ বাবে কিছু পলম হোৱা পৰিলক্ষিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ মুকলি। অৱশ্যে ১৫ অক্টোবৰত দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনি।

Leave a Reply

Your email address will not be published. Required fields are marked *