৬ এপ্ৰিলৰ পৰা তিনিদিনলৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Share

দেশী – বিদেশী পৰ্যটকক শলঠেকত পেলাই মইমতালি আৰম্ভ কৰিছে কাজিৰঙাৰ বন বিভাগে । অহা ৬ এপ্ৰিলৰ পৰা কাজিৰঙা বন বিভাগে  তিনিদিনীয়াকৈ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ  ঘোষণা কৰিছে ।

কাজিৰঙা বন বিভাগে অহা ৬ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাত গজ মহোৎসৱৰ আয়োজন কৰিছে। এই মহোৎসৱত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু । দুদিনীয়া কাৰ্যসূচীৰে ৬ এপ্ৰিলত কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতিগৰাকী ।কাজিৰঙাৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্যৰ হাতী কাজিৰঙালৈ  আনি এই মহোৎসৱ উদযাপন কৰা হব । দেশী – বিদেশী পৰ্যটক উপস্থিত থাকিব কাজিৰঙা গজ মহোৎসৱত।

উল্লেখযোগ্য যে , এই উপলক্ষে অহা ছয় , সাত  আৰু আঠ এপ্ৰিলত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । উক্ত তিনিদিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা , বাগৰি , অগৰাতলী আৰু বুঢ়াপাহাৰ এই চাৰিওটা বনাঞ্চলত বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী । যিহেতু বিভিন্ন স্থানৰ পৰ্যটক গজ মহোৎসৱলৈ আহিব , নিশ্চিতভাৱে ৰাষ্ট্ৰীয় উদ্যানখন এবাৰ দৰ্শনৰ ইচ্ছা কৰিব ।এনে পৰিস্থিতিত অন্তত এখন বনাঞ্চল মুকলি কৰিব লাগিছিল বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ববীয়াসকলে মত প্ৰকাশ কৰিছে।আটাইকেইখন বনাঞ্চল  বন্ধ কৰি কাজিৰঙাৰ পৰ্যটনক লৈ অশুভ বাৰ্তা বিয়পোৱাৰ চেষ্টা কৰা বুলি বন বিভাগৰ বিৰুদ্ধে অভিযোগ উঠিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *