দ্য কপিল শৰ্মা শ্ব’ কৃষ্ণা অভিষেকক এতিয়াৰে পৰা দেখা পোৱা নাযাব! কিন্তু কিয়? 

Share
টিভিৰ এক বিখ্যাত কমেডি ৰিয়েলিটি শ্ব’ বৰ্তমান সম্প্রচাৰিত হোৱা নাই যদিও ইয়াৰ পুনৰ সম্প্রচাৰিত হোৱালৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে দৰ্শকসকল । কৌতুক অভিনেতা কপিল শৰ্মা আৰু তেওঁৰ গোটেই দলটো যোৱা কিছুমাহৰ  পৰা ভ্রমণৰ বাবে গৈছিল। তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্রৰ বিভিন্ন দিশৰ পৰা পোনপটীয়া সম্প্রচাৰো প্রদৰ্শন কৰিছিল । অৱশ্যে এতিয়া সকলো ভাৰতলৈ উভতি আহিছে ।আৰু অনুষ্ঠানটো পুনৰ আৰম্ভ কৰাৰ প্রস্তুতি চলাই আছে । দেওঁবাৰে কপিল শৰ্মাই নিজেই তেওঁৰ নতুন ফটো শ্বেয়াৰ কৰিছিল আৰু তেওঁৰ অনুৰাগীসকলক এই বিষয়ে অৱগত কৰিছিল যে পুনৰ নতুনকৈ অনুষ্ঠান সম্প্রচাৰিত হ’ব । একে সময়তে কপিল শৰ্মাই অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰিছিল নতুন লুক ।
যি দেখি সাধাৰণ লোকৰ পৰা চেলিব্রেটিলৈকে সকলোৱে তেওঁক প্রশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছিল। এই ফটোখন শ্বেয়াৰ কৰি সামাজিক মাধ্যমত কপিল শৰ্মাই লিখিছিল – নতুন ঋতু, নতুন ৰূপ। সোনকালেই আহি আছে দ্য কপিল শৰ্মা শ্ব’ । পিছে এইবাৰ কপিল শৰ্মা শ্ব’ত  দেখা নাযাব কৃষ্ণা অভিষেকক । দৰ্শকসকলক জনোৱা হ’ব যে অনুষ্ঠানৰ সফল চৰিত্র ‘স্বপ্না’ এতিয়া নতুন চিজনত দেখা পোৱা নাযাব । পিংকভিলাৰ প্রতিবেদন অনুসৰি শ্ব নিৰ্মাতাসকলে অনুষ্ঠানটোৰ এই চিজনত যথেষ্ট পৰিবৰ্তন কৰিছে । অনুষ্ঠানত দেখিবলৈ পাব বহুতো নতুন শিল্পীক । কৃষ্ণা অনুষ্ঠানটোৰ পৰা বাহিৰ হ’ব । অৱশ্যে, কৃষ্ণা বা অনুষ্ঠানটোৰ কোনোলোকে এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই । তদুপৰি ঘোষণা হোৱা নাই অনুষ্ঠানটো সম্প্রচাৰিত হোৱাৰ নিৰ্দিষ্ট দিন ।

Leave a Reply

Your email address will not be published. Required fields are marked *