সৰ্বাশিক্ষাৰ ঠিকাভিত্তিক বা ষ্টেটপুল শিক্ষকৰ চাকৰি এদিনতে নিয়মীয়া কৰা হ’ব-মূখ্যমন্ত্ৰী

Share

ৰবিবাৰে ৰাজ্যত  অনুষ্ঠিত হৈ যোৱা গুণোত্‍সৱত এ প্লাছ পোৱা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ সম্বৰ্ধনা আৰু উদগনিমূলক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল  মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । এই সভাত  এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ।মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৪৬ হাজাৰ শিক্ষানুষ্ঠানৰ ৪২,৫০,২২৪গৰাকী প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক সামৰি অনুষ্ঠিত গুণোৎসৱত এ প্লাছ পোৱা ৪,৮৪২খন বিদ্যালয়ে যদি পুনৰ ইয়াৰ পিছৰ পৰ্যায়ৰ গুণোৎসৱত এ প্লাছ লাভ কৰে, তেন্তে তেনে বিদ্যালয়ৰ পছন্দ অনুসৰি যিকোনো এগৰাকী ভাল শিক্ষকক চৰকাৰে বিদ্যালয়খনৰ বাবে নিযুক্ত কৰিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কলে যে – ”যদি কোনো বিদ্যালয়ে গুণোত্‍সৱত দুটা বছৰ এ প্লাছ কৰি পাই থাকে, তেন্তে সেই স্কুলত থকা কোনো সৰ্বাশিক্ষাৰ ঠিকাভিত্তিক বা ষ্টেটপুল শিক্ষকৰ চাকৰি এদিনতে নিয়মীয়া কৰা হ’ব।” আনহাতে মুখ্যমন্ত্ৰীয়ে এ প্লাছ পোৱা বিদ্যালয়কেইখনে অন্য বিদ্যালয়ৰ বাবে আদৰ্শ দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰিলে । তেওঁ এই বিদ্যালয়ৰ শিক্ষক সমাজক প্ৰাইভেট স্কুলৰ সৈতে তীব্ৰ প্ৰতিযোগিতা কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *