ফাৰমিনা আহমেদ,২২ অক্টোৱৰ:কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ।আজি কেন্দ্ৰীয় কেবিনে ইয়াৰ কৰ্মচাৰী সকলৰ মৰগীয়া বনাচ ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।এই সিদ্ধান্ত অনুসৰি,কৰ্মচাৰী সকলে দৰমহাত আৰু পেন্সনত থকা বৰ্তমানৰ ২৮ শতাংশ হাৰৰ ওপৰত ক্ৰমে ৩ শতাংশ মৰগীয়া বনাচ আৰু সাহায্য লাভ কৰিব।ইয়াৰ বাবে প্ৰতি বছৰে ৰাজকোষৰ পৰা ৯,৪৮৮.৭০ কোটি ব্যয় হ’ব বুলি জানিব পৰা গৈছে।