ঐতিহাসিক মাজুলী আৰক্ষী থানাই ভৰি দিলে ১০০বছৰত

Share

অসমৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাৰ বেয়া খবৰে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে ১০০বছৰ অতিক্ৰম কৰিলে ঐতিহাসিক মাজুলী আৰক্ষী থানাই।ব্ৰিটিছৰ শাসনকালত ১৯২৩চনত মাজুলীৰ কমলাবাৰীত প্ৰতিষ্ঠা লাভ কৰা মাজুলী থানাই হৈছে প্ৰথমখন আৰক্ষী থানা।১৮৯৭ চনত মাজুলীৰ টুনী ঘাটৰ সমীপত প্ৰথমখন থানা প্ৰতিষ্ঠাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

আজি ৩ জুলাইত মাজুলী আৰক্ষী থানাই গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত উলহ-মালহেৰে উদযাপন কৰিছে গৌৰৱোজ্জ্বল শতবৰ্ষ অনুষ্ঠান।মাজুলী থানাৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে থানাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনী আৰু আৰক্ষী বাহিনীয়ে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্বপালন কৰি থানাৰ ঐতিহ্য বৰ্তাই ৰখাত সহযোগিতা আগবঢ়াই আহিছে।

সজাই পৰাই তোলা হৈছে মাজুলী আৰক্ষী থানা।গাঁওৰক্ষী বাহিনী আৰু আৰক্ষী লোকসকলৰ লগতে স্থানীয় ৰাইজৰ সহযোগত দিনত নাম আৰু নিশালৈ প্ৰদৰ্শন কৰা হব ভাওনা।সত্ৰৰ আৰ্হিত নিৰ্মিত মাজুলী থানা খন বাহিৰৰ লোক আহিলে সত্ৰ বুলি সেৱা কৰে বুলি নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *