অপেক্ষাৰ অন্ত পৰিব ১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলং

Share

এটা দীৰ্ঘদিনীয়া সমস্যা যিটো উত্তৰ গুৱাহাটী বাসিন্দাই ভুগি আহিছে। অৱশেষত অন্ত পৰিব এই সমস্যাৰ ১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়কৰণ গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য। ১০ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মীয়মাণ দলংখনৰ কাম- কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ লাচিত ঘাটৰ পৰা লুইতৰ বুকুৰে ফেৰীত উঠি উত্তৰ গুৱাহাটীৰ দিশত থকা প্ৰকল্পস্থলীলৈ গৈ দলংখনৰ লগত জড়িত নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধি আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ দলংখনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

উক্ত স্থানত লোকনিৰ্মাণ বিভাগে এক পাৱাৰপইন্ট প্ৰজেন্টচনৰ জৰিয়তে দলংখনৰ বৰ্তমান সময়লৈকে নিৰ্মাণকাৰ্যৰ অগ্ৰগতিকে ধৰি বিভিন্ন বিষয় সম্পৰ্কে মুখ্যমন্ত্ৰীৰ আগত অৱগত কৰে। তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে, নিউ ডেভেলপমেন্ট বেংক আৰু অসম চৰকাৰৰ যুটীয়া অৰ্থ সাহায্যৰে নিৰ্মাণ কৰি থকা দলংখনৰ নিৰ্মাণকাৰ্য বিত্তীয় দিশৰ ফালৰ পৰা ৭৩ শতাংশ অগ্ৰগতি লাভ কৰিছে।

উল্লেখযোগ্য যে,  দলংখনৰ মুঠ প্ৰকল্প ব্যয়ৰ ২৬০০ কোটি টকাৰ ভিতৰত বৰ্তমানলৈকে ১৯০০ কোটি টকা খৰচ হৈছে। এছ পি সিংলা নামৰ দলং নিৰ্মাতা প্ৰতিষ্ঠানটোৱে বিহাৰত নিৰ্মাণ কৰা এখন দলং ভাগি পৰাৰ পিছত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰা কথাই বহন কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *