নিজৰ কইনাক দেখি দৰা হ’ল আচৰিত! কিন্তু কিয়?ভিডিঅ’টো দেখি আপোনাৰো চকু কপালত উঠিব

Share

ব্যাপক চৰ্চা। সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে এটি ভিডিঅ’। এই ভিডিঅ’টোত দৰাৰ কি অৱস্থা হয় সেয়া দেখি হয়তো আপুনিও থৰ পৰি যাব। আপুনি নিশ্চয় সামাজিক মাধ্যমত বিবাহৰ বহুতো ভিডিঅ’ দেখিছে। মানুহে বিয়াৰ সেই ভিডিঅ’বোৰ চাই খুব ভাল পায়। য’ত কইনা আৰু দৰা অন্তৰ্ভুক্ত থাকে। কইনা-দৰাৰ ভাললগা মুহুৰ্তবোৰ মানুহে চাবলৈ পছন্দ কৰে।এনে ভিজিঅ’বোৰত মানুহে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। পিছে এনে সময়তে সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে এটি ভিডিঅ’। ভিডিঅ’টোত দৰাৰ অৱস্থা দেখি হয়তো আপুনিও আচৰিত হৈ পৰিব। ভিডিঅ’টো দেখি আপুনি আচৰিত হ’ব যে কোনোবাই তেওঁলোকৰ কইনাক দেখি কিয় আচৰিত প্ৰতিক্ৰিয়া দিছিল?

ভিডিঅ’টোৰ দৃশ্য অনুসৰি এজন স্মাৰ্ট দৰাই তেওঁৰ কইনাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। তেতিয়াই বিবাহৰ বগা পোছাক পিন্ধি দৰাৰ বন্ধু আহে। তেওঁক সম্পূৰ্ণ কইনাৰ ৰূপত সাজি-কাচি অহা পৰিলক্ষিত হৈছিল। যেতিয়া দৰাজনে পিছপিনে ঘূৰি চায়, নিজৰ বন্ধুক এনেৰূপত দেখি তেওঁৰ মুখৰ হাঁহি ৰখাব পৰা নাছিল। দৰাচলতে দৰাৰ সৈতে ধেমালি কৰিবলৈ কৰা হৈছিল এই সৰু নাটকীয় ভংগীমা। যেতিয়া দৰাৰ আটাইতকৈ ভাল বন্ধুজন কইনাৰ দৰে পোছাক পিন্ধি ন-কইনা হৈ তেওঁৰ সন্মুখলৈ আহে, তেতিয়াই দৰাই বন্ধুজনৰ এই অৱতাৰটো দেখি আচৰিত হৈ পৰে আৰু ডাঙৰ-ডাঙৰকৈ হাঁহিবলৈ আৰম্ভ কৰে।তাৰ পাছতে দুয়োজনে ইজনে সিজনক আলিংগন কৰে। ভাইৰেল ভিডিঅ’টো ইতিমধ্যে weddingwireindia নামৰ একাউন্টৰ জৰিয়তে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *