অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্ৰমণ কৰিছে। আজি পুৱা ৰাজ্যপালগৰাকীয়ে শিৱসাগৰৰ মুখ্য প্ৰাচীন কীৰ্তিচিহ্ন সমূহ পৰিৰ্দশন কৰি আহোম ৰাজত্বৰ সাংস্কৃতিক দিশসমূহৰ বুজ লয়। শিৱসাগৰৰ ৰংঘৰ, তলাতল ঘৰ পৰিদৰ্শনৰ অন্তত ৰাজ্যপাল কাটাৰীয়াই জয়সাগৰত অৱস্থিত বহু কেইটা আহোম ৰাজত্বৰ কীৰ্তিচিহ্ন পৰিদৰ্শন কৰি ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয়। কাৰেংঘৰ পৰিদৰ্শনৰ পাছত ৰাজ্যপালে ঐতিহাসিক শিৱ দৌলত পত্নীসহ উপস্থিত হৈ শিৱদেৱতাৰ চৰণত সেৱা আগবঢ়াই।
আজি বিয়লি আন দুখন আলোচনাত মিলিত হৈ সন্ধিয়া ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া গুৱাহাটীৰ অভিমুখে যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই উজনি অসমৰ দুখন জিলা চৰাইদেউ আৰু শিৱসাগৰত উপস্থিত হৈ তেওঁ দায়িত্ব পালন কৰি থকা পদত ৰাইজৰ হিতৰ বাবে নিষ্ঠাৰে কাম কৰি যোৱাৰ চেষ্টা কৰিব বুলি উল্লেখ কৰে।