ছাগলী হ’ল শিৱৰ  ভক্ত !  আঁঠু  লৈ মূৰ দোৱাই ভগৱানক কৰিলে ধ্যান ; মানুহে কলে – হৰ হৰ মহাদেৱ

Share
কেতিয়াবা কেতিয়াবা  এনে কিছুমান ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে , যিবোৰে সকলোকে আচৰিত কৰি তোলে। বৰ্তমান সময়ত সামাজিক মাধ্যমত  ভাইৰেল হৈ পৰিছে এনেকুৱা এটা ভিডিঅ  যিটো দেখি আপুনি ভাবি থাকিব। আপুনি নিশ্চয় ঈশ্বৰৰ আগত প্ৰণাম কৰে অৰ্থাৎ ইশ্বৰক স্তুতি কৰে। কাৰণ আমি মানুহ আৰু মানুহেতো  ভগৱানকে পূজা-অৰ্চনা  কৰে। অৱশ্যে কেতিয়াবা দেখা যায় যে কিছুমান জন্তুৱেও ঈশ্বৰৰ সন্মুখত মূৰ দোৱাই। বিশেষকৈ আপুনি নিশ্চয় হাতীয়ে এনে কৰা দেখিছে, কিন্তু বৰ্তমান সময়ত সামাজিক মাধ্যমত  ভাইৰেল হৈ পৰিছে এটি ব্যতিক্রমী ভিডিঅ’ ।  ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি  এটা ছাগলীয়ে  ভগৱানৰ আগত  আঁঠু লৈ মূৰ দোৱাই প্ৰণাম কৰিছে। মানুহে যেনেকৈ আঁঠু লৈ  মূৰ দোৱাই ঈশ্বৰক ধ্যান কৰে ঠিক তেনেদৰে ছাগলীটোৱেও ঠিক একেদৰে প্রণাম জনাইছে ।
ঘটনাটো কানপুৰৰ পৰমট মন্দিৰৰ।য’ত বাবা আনন্দেশ্বৰৰ  আৰতি কৰি থকা সময়তে  এটা ছাগলীয়ে  মূৰ তল কৰি আঁঠু লৈছে। একে সময়তে এজন ব্যক্তিও তেওঁৰ কাষলৈ আহি বহি ভগৱানক প্ৰণাম জনাইছে, আনহাতে বহু ভক্তই হাত যোৰ কৰি থিয় হৈ আৰতি গাই আছে। আৰতি বহু সময়লৈকে চলি থাকে, কিন্তু ছাগলীটোৱে আৰতিৰ মাজৰ পৰা উঠি নাহি , বৰঞ্চ ই ঈশ্বৰৰ ধ্যানত এনেদৰে মগ্ন হৈ থাকে, যেন সি এজন প্ৰকৃত ভক্ত। ছাগলী এটাই নিশ্চয় ভগৱানৰ ওপৰত এনেধৰণৰ ধ্যান কৰা প্ৰায়েই দেখা নাই। কিন্তু এই ভিডিঅ’টো যথেষ্ট আশ্চৰ্যকৰ। ভিডিঅ’টো দেখি বিভিন্নজনে দিছে মন্তব্য তথা প্রতিক্রিয়া। কোনোৱে যদি কৈছে ছাগলীটোৰ একাগ্ৰতা অকল্পনীয়, আকৌ আন কোনোৱে কৈছে জন্তুৱে যদি বুজি পায় তেন্তে মানুহে কিয় নাপায়!

Leave a Reply

Your email address will not be published. Required fields are marked *