অ-সুৰক্ষিত চাহ উদ্যোগৰ ভৱিষ্যত! যোৱা ২০১৭ চনৰ পৰা ২০২২ চন পৰ্যন্ত অসমৰ ৬৮খন চাহ বাগিচা বিক্ৰী কৰিছে পুঁজিপতি গোষ্ঠিয়ে । এইবোৰ হৈ থাকিলে ৰাজ্যৰ অৰ্থনীতিৰ ভেতি গঢ় দিয়া চাহ উদ্যোগৰ ভৱিষ্যত সুৰক্ষিত বুলি কব নোৱাৰি । এই অভিযোগ উত্থাপন কৰিছে অসমৰ চাহ কৰ্মচাৰী সংঘই । অসম চৰকাৰে চাহ বাগিচাৰ ভূমিৰ মূল্য হ্ৰাস কৰিবলৈ লোৱা বাগিচাৰ ১০শতাংশ ভূমি অন্য কামত ব্যৱহাৰ কৰিবলৈ লোৱা সিদ্ধান্ত আঁৰত ৰহস্য থকা বুলি অসম চাহ কৰ্মচাৰী সংঘই অভযোগ উত্থাপন কৰিছে । অভিয়োগ অনুসৰি অন্য ব্যৱসায় পুঁজি বিনিয়োগ কৰিবৰ বাবে বাগিচা বন্ধকত ৰাখি বেংকৰ ঋণ লৈছে একাংশ পুজিপতি লোকে । ইফালে সময়ত বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰী বাগিছা বিক্ৰীৰ দৰে সিদ্ধান্ত লৈছে একাংশ চাহ কোম্পনীয়ে । অন্যব্যৱসায়ত মনেনিৱেশ কৰা ৰাজ্যৰ চাহ উদ্যোগত পিঠি দিয়া একাংশ পুঁজিপতিয়ে নিয়মিতভাৱে বিক্ৰী