আগন্তক জুন মাহলৈ ক’ভিডৰ চতুৰ্থটো ঢৌৰ আগমন

Share

গুৱাহাটী,৫ ফেব্ৰুৱাৰী: কাণপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব টেকনোলজিৰ গণিত আৰু পৰিসংখ্যা বিভাগৰ গৱেষক সবৰাপ্ৰসাদ ৰাজেশভাই, সুভ্ৰা শংকৰ ধৰ আৰু শলভে ভৱিষ্যতবাণী কৰিছে যে এইবৰ্ষৰ জুন মাহলৈ হব পাৰে আকৌ ক’ভিডৰ চতুৰ্থটো ঢৌৰ সৈতে আগমণ ৷ ইতিমধ্যে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবোৱেৰ দৰে কেইখনমান দেশে ক’ভিড মহামাৰীৰ চতুৰ্থ ঢৌৰ সন্মুখীন হবলগীয়া হৈছে।তাৰ লগত বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়া সকলে সতৰ্কবাণী প্ৰেৰণ কৰিছিল যে, অমিক্ৰন ভাইৰাছৰ ক’ভিড মহামাৰীৰ অন্তিমটো ভেৰিয়েণ্ট নহবও পাৰে ইয়াৰ পিছৰ পৰ্য্যায়ৰ ভেৰিয়েণ্ট সমূহ পূৰ্বতকৈ অধিক পৰিমাণে ভয়ংকৰ ৰূপে সন্মুখলৈ আহিব পাৰে৷কাণপুৰৰ আইআইটি বিশেষজ্ঞ সকলৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ২২ জুনৰ পৰা ২৪ অক্টোবৰ ২০২২ লৈ তাণ্ডব চলিব পাৰে এই মহামাৰীৰ ৷

বিশেষজ্ঞ সকলে জনাই যে, আগন্তুক চতুৰ্থটো ঢৌৰ সংক্ৰমণৰ বিভিন্ন ধৰণৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব যাৰ ভিতৰত আছে নতুন প্ৰকাৰৰ উদ্ভৱ, ইয়াৰ সংক্ৰমণশীলতা, টিকাকৰণ, বুষ্টাৰ পালি ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *