ঢাল তৰোৱালবিহীণ লখিমপুৰৰ বন বিভাগ

Share

অসম আৰু অৰুণাচলৰ সীমা বিবাদৰ চুক্তি স্বাক্ষৰ হল যদিও চুবুৰীয়া ৰাজ্য অৰুণাচলীৰ আগ্ৰাসন এতিয়াও হ্ৰাস পোৱা নাই।লখিমপুৰৰ অৰুণাচল সীমান্তৱৰ্তী এলেকাত অৰুণাচলী লোকে নিতৌ অসম তথা লখিমপুৰৰ ভূমি বেদখল কৰা কাৰ্যই এই কথাকে প্ৰতীয়মান কৰি তুলিছে।লখিমপুৰৰ ৰঙা,দুলুং,কাকৈ সংৰক্ষিত বনাঞ্চলত এতিয়াও অৰুণাচলীয়ে অসমৰ বনাঞ্চল ধ্বংশ কৰি শ শ হেক্টৰ ভূমি বেদখল কৰি অহা কাৰ্যই লখিমপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ তাৰিয়নী বনখণ্ডৰ অন্তৰ্গত সীমান্তৱৰ্তী এলেকাত এতিয়াও অৰুণাচলীয়ে অসমৰ বনভূমি তথা বনাঞ্চল ধ্বংস কৰি সেই ভূমিত চাহবাগান স্থাপনৰ চেষ্টা চলোৱা কাৰ্যই লখিমপুৰ বন বিভাগৰ কৰ্মহীনতাক সূচাইছে। বিশেষকৈ ঢাল-তৰোৱালবিহীন লখিমপুৰৰ বন বিভাগে এতিয়া আওপুৰণি বন্দুক-বাৰুদেৰে সীমান্ত সুৰক্ষাৰ বাবে চেষ্টা চলাই আহিছে। লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অধিনস্থ ৰামপুৰ, ফুলবাৰী, কাছজুলিৰ খণ্ড বন কাৰ্যালয়ৰ লগতে দুলুং সংৰক্ষিত বনাঞ্চলৰ পথালিপাম বনখণ্ডৰ অধীনত থকা ৩টাকৈ বন শিবিৰ ক্ৰমে দুলুং, সোৱণশিৰি আৰু পদুমনিত প্ৰয়োজনীয় বনকৰ্মীৰ অভাৱত সীমান্ত তথা বনাঞ্চল ৰক্ষাত সমস্যাৰ সৃষ্টি হৈ আহিছে। কিয়নো বন শিবিৰসমূহত যি পৰিমাণে বনকৰ্মী থাকিব লাগে, তাৰ তুলনাত এক নুণ্যতম পৰিমাণৰ কৰ্মীহে ন্যস্ত থকা পৰিলক্ষিত হৈছে। তদুপৰি সঘনাই দেখা দিয়া বনৰীয়া হাতী তথা অৰুণাচলীৰ উপদ্ৰৱৰ সৈতে বনকৰ্মীয়ে পুৰণি থ্ৰী নট থ্ৰী ৰাইফল, দুইনলীয়া বন্দুক-বাৰুদেৰে সমস্যাসমূহৰ সৈতে যুঁজ দিবলগীয়া হৈছে। এইক্ষেত্ৰত বনকৰ্মীক আধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ লগতে উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান কৰি অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাইজক ৰক্ষা কৰিবলৈ লখিমপুৰৰ সাধাৰণ জনগণই চৰকাৰক আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *