মুকলি হ’ব নৱ নিৰ্মিত মহানগৰৰ দীৰ্ঘতম মালিগাঁৱৰ উৰণীয়া সেঁতুখন

Share

৩০ আগষ্ট আজি ৰাখী পূৰ্ণিমা, এই বিশেষ দিনটোতে মুকলি হ’ব নৱ নিৰ্মিত মহানগৰৰ দীৰ্ঘতম মালিগাঁৱৰ উৰণীয়া সেঁতুখন।সন্ধিয়া ৪.৩০ বজাত  মাঙ্গলীক পৰ্বৰে উৰণ সেঁতু খন উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  2.৬ দৈৰ্ঘৰে চাৰিলেনযুক্ত কৰি নিৰ্মাণ কৰা হৈছে সোঁতুখন।২ বছৰ ৬ মাহ ধৰি চলিছিল সেঁতু খনৰ কামকাজ।যুদ্ধকালীন ত९পৰতাৰে ব্যস্ত হৈ পৰিছিল শ্ৰমিকসহ সংশ্লিষ্ট বিভাগটো।পৰ্যটকক আকৰ্ষিত কৰিবলৈ সেঁতুখনৰ খুটা সমূহত বহু চিত্ৰ শিল্পীৰ হাতৰ পৰশেৰে অংকন কৰা হৈছে অসমৰ সাজ-পোছাক,বাদ্যযন্ত্ৰ, অৰণ্যৰ দৃশ্য,বন্যপ্ৰাণী,কপৌফুল,গামোচাৰ লগতে অসমীয়া সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবিসমূহ।ইয়াৰোপৰি ৰেলিংৰ দেৱালতো ৰামধেনু আকৃতি অংকন কৰা হৈছে।

উল্লেখযোগ্য যে,মহানগৰবাসীয়ে যান-জঁটৰ সমস্যাত ভুগি থকাত এই মালিগাৱৰ সেঁতুৰ দ্বাৰা সকাহ পাব,বিগত সময়ত মালিগাঁৱ ট্ৰেফিকত ২-৩ ঘন্টা কটাব লগীয়া হৈছিল যাত্ৰীসকলে।এই সেঁতুখনত থাকিব তিনিআলি জংচনত পৃথিৱীৰ গ্ল’ৱ।লগতে থাকিব গতিৰোধক দুটা লেণ্ডিং পইন্ট।জালুকবাৰীৰ দিশৰ পৰা পাণ্ডুলৈ এটা অংশ নামি গৈছে।ইতিমধ্যে মালিগাঁৱৰ সেঁতুখনৰ নাম ফলক সলনি কৰা হৈছে,সেঁতুখনৰ নামকৰণ হ’ল ”নীলাচল উৰণ সেঁতু”।ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে ৪২০.৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সেঁতুখনক উদ্বোধনৰ প্ৰাক মূহুৰ্তত আটক ধুনীয়াকৈ সজাই তোলা হৈছে।এই সেঁতু খনে মালিগাঁৱবাসীৰ লগতে গুৱাহাটীবাসীকো যান-জঁটৰ পৰা বহু সকাহ দিব সেয়া নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *