বিশ্বত সলনি হ’বলৈ গৈ আছে সমাজ,ইয়াৰ মূল্যবোধ,ব্য়ক্তিৰ চিন্তা-চৰ্চা,কৰ্ম আৰু সংস্কৃতি এই সকলো।কিয়নো বিশ্বত আত্মপ্ৰকাশ পাইছে এক নতুন প্ৰজন্মৰ।২০২৫ৰ এক জানুৱাৰীৰ পৰা ২০৩৯ চনলৈ জন্ম হোৱা শিশুসকলক ‘বেটা প্ৰজন্ম’ আখ্যা দিছে বিশেষজ্ঞই।এই জেনেৰেচন বেটা বা বেটা প্ৰজন্ম হৈছে যি প্ৰজন্মই মানৱ ইতিহাসৰ আটাইতকৈ স্বপ্ৰতিভাৱান আৰু আগবঢ়া।এই শিশুসকল পৰিচালিত হব কৃত্ৰিম বুদ্ধিমত্তাৰ।ইতিমধ্যে ভাৰতত মিজোৰামৰ ৰাজধানী আইজলত জন্ম পাইছে প্ৰথমটো বেটা প্ৰজন্মৰ সন্তান।অল ইণ্ডিয়া ৰেডিঅৰ বাতৰি মতে ২০২৫ৰ এক জানুৱাৰীৰ নিশা ১২.০৩ বজাত আইজলত ডুৰ্টলাঙৰ চিনোড হস্পিতালত জন্ম এই পুত্ৰ শিশুৰ ।এই পুত্ৰ শিশুটোৰ নাম ৰাখিছে ফ্ৰেংকী ৰেমৰুৱাডিকা জাডেং।ফ্ৰেংকীৰ পিতৃৰ নাম জেদ ডি ৰেমৰুবাটচাংগায়ো আৰু মাতৃৰ নাম ৰামজিৰমাউয়ী।ভৱিষ্য়তবক্তা মাৰ্ক মেকক্ৰিনডিলে ফ্ৰেংকীক সংজ্ঞায়িত কৰিছে ভাৰতৰ বেটা প্ৰজন্মৰ প্ৰথমটো শিশু হিচাপে।এই বেটা প্ৰজন্মৰ অধিকাংশই দেখিব পৰৱৰ্তী শতিকাৰ পুৱা।এই শিশুসকল প্ৰকৃততে হ’ব একো একোজন বিশ্ব নাগৰিক।লগতে এওঁলোকে কৰিব লাগিব পৰৱৰ্তিত জলবায়ুৰ সমস্য়াৰ লগত মোকাবিলা।জনসংখ্যা অধ্যয়নকাৰীসকলে ইয়াৰ পূৰ্বৰ প্ৰজন্মক জেনেৰেচন আলফা (২০১৩-২০২৪)হিচাপে নামাকৰণ কৰিছিল।তাৰ আগৰ প্ৰজন্ম আছিল জেনেৰেচন জেড(১৯৯৫-২০১২)চনলৈ।১৯০১ চনৰ পৰা সংজ্ঞায়িত কৰা প্ৰজন্মসমূহ হ’ল গেটেষ্ট জেনেৰেচন যাৰ সময়সীমা(১৯০১-১৯২৪),ছাইলেন্টজেনেৰেচন(১৯২৫-১৯৪৫),বেবিবুমাৰজেনেৰেচন(১৯৪৬-১৯৬৪),জেনেৰেচন এক্স (১৯৬৫-১৯৭৯)আৰু জেনেৰেচন ৱাই(১৯৮১-১৯৯৬)লৈ।এই বেটা প্ৰজন্ম হ’ব যান্ত্ৰিক আৰু ভাৰ্চুৱেল জগতৰ বাসিন্দা।