গুজৰাট বিধান সভাৰ নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

Share

গুজৰাট বিধান সভাৰ নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।এই ভোটগ্ৰহনত ভাগ্য নিৰ্ণয় হব গুজৰাটৰ মুখ্যমন্ত্ৰীসহ ৭৮৮জন প্ৰাৰ্থীৰ৷দুটা পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি প্ৰথম দিন৷১৮২খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত কচ্চ,সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট জিলাৰ ৮৯ খন আসনৰ বাবে হব ভোটগ্ৰহণ৷এই ভোট গ্ৰহনত ৰাজ্যখনৰ ২কোটি ৩৯ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব৷ভাগ্য পৰীক্ষা হব গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপিন্দ্ৰ পেটেলৰ লগতে কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে৷আনহাতে বিজেপি আৰু কংগ্ৰেছৰ সৈতে ফেৰ মাৰিব অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে ৷ পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব ১৪,৩৮২ কেন্দ্ৰত ভোট গ্ৰহন ৷ নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *