দামবৃদ্ধিৰ জুইয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক, পুনৰ বৃদ্ধি পালে মাছৰ দাম

Share

দাম বৃদ্ধিৰ নামত বজাৰত জুই। বৃদ্ধি পালে মাছৰ দাম। মূল্যবৃদ্ধিক লৈ ৰাজ্যৱাসী জুৰুলা হৈ থকাৰ সময়তে পুনৰ যেন পৰিল মাধমাৰ। প্ৰতিকিলোত ১০০ ৰ পৰা ২০০ টকালৈ বৃদ্ধি পালে থলুৱা মাছৰ দাম। মাগুৰ, শিঙিৰ পৰা আৰম্ভ কৰি  সকলো মাছৰেই এতিয়া আকাশলংঘী দাম।

মাগুৰৰ প্ৰতি কিলো ১২০০ টকা আছিল কিন্তু এতিয়া ইয়াৰ দাম ১৬০০ টকালৈ বৃদ্ধি। শিঙি মাছ প্ৰতি কিলো ৬০০ টকাৰ পৰা ৮০০ টকা হলগৈ। । ঠিক সেইদৰেই  ভকুৱা মাছ প্ৰতিকিলো ৩০০ টকাৰ পৰা ৪০০ টকা। আৰি মাছৰ প্ৰতি কিলো বৃদ্ধি পালে ৬০০ ৰ পৰা ৮৫০ টকালৈ।

উল্লেখযোগ্য যে, বিগত কেইদিনমান পূৰ্বে প্ৰকাশ পাইছিল এক তথ্য, যত চালানী মাছত থকা ফৰ্মেলিনৰ উপস্থিতি উদঘাটন হৈছিল । তাৰ পাছতেই তৎপৰ হৈ পৰিছিল ৰাজ্য চৰকাৰ। ইতিমধ্যে মীন বিভাগে চালানী মাছত ফৰ্মেলডিহাদৰ উপস্থিতি সন্দৰ্ভত পৰীক্ষা- নিৰীক্ষাৰ বাবে ৪ টাকৈ প্ৰতিষ্ঠানক দায়িত্ব দিছে।

যাৰ ফলত মাছৰ বজাৰত কিছু অভাৱনীয় পৰিস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰে সুযোগ বুজি মাছৰ দাম বৃদ্ধি কৰিছে একাংশ ব্যৱসায়ীয়ে। চৰকাৰ বা মীন বিভাগে এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ’ব সময়ত লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *