১০ মে’ৰ ভিতৰত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল

Share
অহা ১০ মে’ৰ ভিতৰত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই এক সংবাদমেলযোগে সদৰী কৰিলে এই কথা। ৰুক্ম গোহাঁই বৰুৱাই সংবাদমেলযোগে কয় যে ৰিজাল্ট সন্দৰ্ভত দুষ্কৃতিকাৰীয়ে চলাইছিল ভূৱা প্ৰচাৰ। উল্লেখযোগ্য যে, ৰাজ্যখনত ৮৭৬ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সৰ্বমুঠ ২ লাখ ৮০ হাজাৰ ২১৬ গৰাকী  পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১ লাখ ৩৭ হাজাৰ ৪৮৪ জন ছাত্ৰ আৰু ১ লাখ ৪২ হাজাৰ ৭৩২ গৰাকী  ছাত্ৰী। 

Leave a Reply

Your email address will not be published. Required fields are marked *