ৰাজ্যত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

Share

গুৱাহাটী,৯ ফেব্ৰুৱাৰী:সমাগত লোকসভা নিৰ্বাচন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা।বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত অনুস্থিত এক সংবাদমেলত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া তথা জ্যেষ্ঠ আই এ এছ অনুৰাগ গোৱেলে এই বিষয়ে সদৰি কৰে। সংবাদমেলত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি চলিত বৰ্ষত ৰাজ্যত সৰ্বমুঠ ভোটাৰ হ’ল ২,৪৩,০১,৯৬০ গৰাকী আৰু ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১,২১,৭৯,৩৫৮ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ’ল ১,২১,২২,৬০২। আনহাতে ২০২৩ বৰ্ষত সৰ্বমুঠ ভোটাৰ আছিল ২,৪১,১১,৭৪৩ গৰাকী। অৰ্থা९, চলিত বৰ্ষৰ ভোটাৰ তালিকাত নতুনকৈ ৭,২৬,৭৮৩গৰাকী ভোটাৰৰ নাম সংযোজিত হৈছে।তদুপৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে ৭,২৭,২৯১ গৰাকীৰ নাম।

ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি ৰাজ্যত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ২৮,৬৪৫টা। ৰাজ্যত সৰ্বাধিক ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে দলগাঁও আৰু সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি হৈছে আমগুৰি। একেদৰে সৰ্বাধিক ভোটাৰ থকা লোকসভা সমষ্টি হৈছে ধুবুৰী আৰু সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি হৈছে ডিফু। উক্ত সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া গোৱেলে সকলোকে ভোটাৰ তালিকাত নাম পৰীক্ষাৰ বাবেও আহ্বান জনায়। বিষয়াগৰাকীৰ মতে এই সন্দৰ্ভত যিকোনো আপত্তি থাকিলে ভোটাৰে অনলাইনযোগে আবেদন কৰিব পাৰিব। ভোটাৰসকলে www.ceoassam.nic.in ৱেবচাইটত আবেদন কৰিব পাৰিব অথবা ‘ভোটাৰ ছাৰ্ভিছ’ এপতো আবেদন দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়তো আবেদন কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *