সমষ্টি পুৰ্নগঠনৰ আলোচনা কৰিবলৈ আহিব নিৰ্বাচন আয়োগ

Share

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব । সমষ্টি পুনৰ গঠনৰ সন্দৰ্ভত নাগৰিকসকলৰ মতামত গ্ৰহণ কৰাৰ বাবে ২৬ মাৰ্চত  তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল অসমলৈ আহিব । এই দলটোত থাকিব নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলো ।

ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই প্ৰকাশ কৰা তথ্য অনুসৰি , ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰিব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়াৰ লগতে প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতে মত বিনিময় কৰিব । ২৮ মাৰ্চৰ আবেলি ৩ বজাত নিৰ্বাচন আয়োগে সংবাদ মাধ্যমক সম্বোধন কৰিব ।

উল্লেখযোগ্য যে , ২০২৪ চনৰ ১ জানুৱাৰীত ৰাজ্যৰ নতুন ভোটাৰ তালিকা পুনৰ গঠিত সমষ্টিৰ ভিত্তিত প্ৰকাশ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োগে ।

Leave a Reply

Your email address will not be published. Required fields are marked *