যিহেতু মহাৰাষ্ট্ৰত থাকৰে চৰকাৰ এতিয়া ক্ৰমে পতনৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে । কিয়নো মহাৰাষ্ট্ৰত শিৱসেনা চৰকাৰ ভংগক লৈ চলি আছে এক বিসম্বাদ । ইতিমধ্য়ে , গুৱাহাটীত শিৱসেনাৰ প্ৰায় ৪০ গৰাকী বিসম্বাদী বিধায়কে বাহৰ পাতিছে ৰেডিশ্য়ন ব্লোত । একনাথ সিন্ধেৰ নেতৃত্বত মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ বিৰুদ্ধে এই বিধায়কসকলে আৰম্ভ কৰিবলৈ সৈছে বিসম্বাদ । হয়তো এইসকল বিধায়কৰ সমৰ্থনৰ বিচ্য়ুতি ঘটিলে পতন হ’ব পাৰে উদ্ভৱ থাকৰেৰ চৰকাৰ । লক্ষণীয়ভাৱে , প্ৰথমে , চুৰাটত বাহৰ পাতি থকা বিধায়কসকলে মঙলবাৰে মাজনিশা চুৰাটৰ পৰা এক বিশেষ বিমানেৰে আহি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় আৰু পুৱতি নিশা গুৱাহাটীৰ ৰেডিশ্য়ন ব্লোলৈ লৈ অনা হয় এই বিধায়কসকলক ।
তদুপৰি , গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈয়ে একনাথ সিন্ধেৰ বিসম্বাদী ৪০ জন বিধায়কৰ সমৰ্থন দাবী কৰে আৰু কয় যে তেওঁলোকে শিৱসেনা ত্য়াগ নকৰে কিন্তু বালাচাহেব থাকৰেৰ হিন্দুত্বক আগুৱাই নিব বুলি তেওঁ ইতিমধ্য়ে উল্লেখ কৰিছে । ৰেডিশ্য়ন ব্লোত ৪০ গৰাকী বিধায়কক লৈ একনাথ সিন্ধে ৯.৩০ বজাত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বিসম্বাদী বিধায়কৰে সৈতে মিলি মহাৰাষ্ট্ৰ চৰকাৰ গঠনৰ পৰিকল্পনা ৰচা পৰিলক্ষিত হৈছে । আৰু পুৱাতেই মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা , মন্ত্ৰী পীযুষ হাজৰিকা , জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ পল্লৱ লোচন দাসে সাক্ষাত্ কৰিছে একনাথ সিন্ধেক । ইতিমধ্য়ে মহাৰাষ্ট্ৰৰ পৰা আন দুগৰাকী বিধায়ক গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে বুলি জানিব পৰা গৈছে । হয়তো কিছু মূহুৰ্তৰ পাছতে আন দুগৰাকী বিধায়ক গুৱাহাটীত উপস্থিত হ’বহি । লক্ষণীয় কথা যে , গুৱাহাটীৰ পৰাই এতিয়া নিৰ্ধাৰণ হ’ব মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ ভৱিষ্য়ত ।পিছে , মহাৰাষ্ট্ৰত শিৱসেনাৰ চৰকাৰ ভংগ কৰিব পাৰিব নে নাই সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।