বানত বিপৰ্যস্ত দেশৰ ৰাজধানী দিল্লী

Share
যোৱা মাজনিশাৰে পৰা নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতিৰ। দিল্লীৰ ৰাজপথ ভৰি পৰিছে এবুকু পানীৰে। পথত চলা বাহনৰ আধাতকৈ বেছি  অংশ ডুব গৈছে পানীত। ফলত পথৰ মাজভাগতেই ৰখাই দিবলগীয়া হৈছে যান-বাহন। আৰু যাৰ ফলত পুৱাৰে পৰা দিল্লীৰ ৰাজপথত সৃষ্টি হৈছে যান-যতৰ।
দিল্লীত কেইবাদিন ধৰি জলবায়ুৰ তাপমাত্ৰা অধিক আছিল আৰু ক্ৰমাত তীব্ৰ গতিত হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। বতৰ বিজ্ঞানে বৰষুণৰ পূৰ্বে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছিল আৰু বৰ্তমান জানিবলৈ দিয়া মতে ৩ জুলাইলৈ অনুকূল বতৰৰ কোনোধৰণৰ সম্ভাৱনা নাই। বহুকেইটা পথত ইতিমধ্যে যান-বাহন আৰু সাধাৰণ ৰাইজৰ চলাচল বন্ধ কৰি দিয়া হৈছে। দিল্লীৰ প্ৰায়ভাগ ঠাই বৰ্তমান জলমগ্ন।বসন্ত কুঞ্জত বোকাত আবদ্ধ হৈ পৰিছে শ্ৰমিক। পথৰ মাজত থকা যান-বাহনত ভিতৰত আবদ্ধ হৈ থকা লোকসকলক বৰ্তমান নাওঁ, টায়াৰ আদি লৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। কেৱল মাত্ৰ দিল্লীতে বান সীমাবদ্ধ হৈ থকা নাই, নইদা, ঘাজিয়াবাদ, গুৰুগ্ৰামতো সৃস্টি হৈছে বান পৰিস্থিতিৰ। জনসাধাৰণৰ ক্ষোভ দিল্লী চৰকাৰৰ ওপৰত। কিয়নো পথৰ দাঁতিত থকা লেতেৰা নলাসমূহৰ বাবে সৃষ্টি হৈছে এনে ভয়ানক বান পৰিস্থিৰ। সেইসমূহ পৰিষ্কাৰ কৰাত কোনোধৰণৰ গুৰুত্ব নাই দিল্লী চৰকাৰৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *