শৰ९ৰ সুগন্ধি বিলাই মা দূৰ্গাক আদৰিবলৈ সাজু দেশবাসী

Share

এতিয়া শৰ९ৰ বতৰ ।শৰ९ৰ আগমণৰ লগে লগে শাৰদীয় খবৰে দিছে নতুন আশা আৰু নতুন প্ৰত্যাশা ।শৰ९ৰ আগমণে আনে পূজাৰ বতৰা । শাৰদীয় দূৰ্গো९সৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উখল মাখল পৰিৱেশ ।ব্যস্ততাৰ শেষ নাই “মৃ९ শিল্পী”সকলৰ । প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃ९ শিল্পীসকল । চৌদিশে এতিয়া দেখা গৈছে শাৰদী মাক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ।দূৰ্গা পূজাৰ দিন কেইটা দূৰ্গা মাৰ আশীষ লবলৈ ভক্তগণেৰে ভিৰ হোৱা পৰিলক্ষিত হ’ব পূজা মণ্ডপসমূহ ৷পঞ্জিকাৰ মতে, ধৰাত দেৱী দূৰ্গাৰ আগমণ হ’ব ঘোঁৰাত ৷এইবাৰ মহালয়া আৰম্ভ হ’ব ১৪ অক্টোবৰত ৷ ২০ অক্টোবৰ ষষ্ঠীৰ দিনটোৰ পৰা আৰম্ভ হ’ব শাৰদীয় দূৰ্গা পূজাৰ শুভাৰম্ভনি আৰু ২৪ অক্টোবৰ বিজয়া দশমীৰ দিনটোত সকলো নীতি-নিয়ম সম্পন্ন কৰি মা দূৰ্গাক বিদায় জনোৱা হ’ব ৷ ইয়াৰ লগে লগে আৰু এটা বছৰৰ অপেক্ষাৰে ভক্তগণে অশ্ৰুঅঞ্জলিৰে বিদায় জনাব মা দূৰ্গাক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *