অসমৰ পানীৰে প্ৰাণ পাব দেশে

Share

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ পানী দেশৰ আন প্ৰান্তলৈ বোৱাই নিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । নদী সংযোগীকৰণ আঁচনিৰ অধীনত মানস সোণকোষ, তিস্তা আৰু গংগাক সংযোগ কৰাৰ প্ৰকল্পৰ প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰই  প্ৰস্তুত কৰি উলিয়াইছে । ৰাষ্ট্ৰীয় জল উন্নয়ন এজেঞ্চিয়ে নদী সংযোগীকৰণ বিষয়টোৰ ওপৰত কেইবাখনো বৈঠক অনুস্থিত কৰিছে । 

এই বৈঠকত জলবায়ু পৰিৱৰ্তনৰ ফলত অনাগত দিনত সৃষ্টি হ’ব লগা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নদী সংযোগীকৰণ প্ৰকল্পসমূহ সোনকালে ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । মানস, সোণকোষ, তিস্তা আৰু গংগা সংযোজন কৰা প্ৰকল্পৰ প্ৰতিবেদনখন লাভ কৰাৰ পাছতে এই সন্দৰ্ভত কাম কৰিব বুলি সূত্ৰটোয়ে জানিব দিয়ে। উল্লেখযোগ্য যে, অটল বিহাৰি বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে নদী সংযোগীকৰণ আঁচনিখন হাতত লোৱা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত কেন্দ্ৰত দহ বছৰৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ইউ পি এৰ চৰকাৰ গঠন হোৱাত এই আঁচনিখন তল পৰে। 

নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পুনৰ নদী সংযোগীকৰণ আঁচনিখন ৰূপায়ন কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই  অনুসৰি কেন-বেটুৱা সংযোগীকৰণ প্ৰকল্পৰ কাম চলি আছে আৰু আন কেইবাটাও প্ৰকল্পৰ কাম আৰম্ভ হৈছে। অসমৰ বিভিন্ন দল সংগঠনে এই আঁচনিখনৰ বিৰোধীতা কৰা আহিছে । অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি বহুকেইটা দল সংগঠনে অসমৰ পানী বাহিৰলৈ নিবলৈ দিয়া নহব বুলি হুংকাৰ দি আহিছে যদিও এই দাবীক গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। বৰঞ্চ অসমৰ পানী দেশৰ আন প্ৰান্তলৈ বোৱাই নিয়াৰ বাবে আঁচনি প্ৰস্তুত বহুদূৰ আগবাঢ়িহে গৈছে।  

Leave a Reply

Your email address will not be published. Required fields are marked *