দেশে লাভ কৰিলে নতুন সংসদ ভৱন

Share

বহু বিৰ্তকৰ অন্তত দেওবাৰে দেশে লাভ কৰিলে নতুন সংসদ ভৱন। “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” দৰ্শন আগত ৰাখি নিৰ্মাণ কৰা হৈছে নতুন ভৱন। বিট্ৰেছে নিৰ্মাণ কৰা সংসদ ভৱনৰ পৰিৱৰ্তে এতিয়াৰে পৰা নতুন সংসদ ভৱনত প্ৰণয়ন হ’ব আইন। এই অনুষ্ঠানৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে স্মৃতিচাৰণ ডাক ডাকটিকট আৰু ৭৫ টকীয়া মুদ্ৰাও মুকলি কৰে। ২০২০ চনৰ ১০ ডিচেম্বৰত অনুষ্ঠিত হোৱা ভূমি পূজন অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে বিশেষ ভাৱে আগভাগ লৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা নতুন সংসদ ভৱনৰ উদ্বোধনক আদৰণি জনাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। তেওঁ কয় যে, এয়া সমগ্ৰ দেশৰ বাবে গৌৰৱ আৰু অপৰিসীম সুখৰ বিষয়। উদ্বোধনী অনুষ্ঠানত দিয়া বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান দেশৰ ইতিহাসত সোণালী শব্দৰে লিখা হ’ব। নতুন সংসদ ভৱনৰ উদ্বোধন ভাৰতৰ সকলো জনসাধাৰণৰ বাবে গৌৰৱ আৰু আনন্দৰ বিষয়। উল্লেখ্য, নতুন সংসদ ভৱনৰ উদ্বোধন উপলক্ষে ৰাষ্ট্ৰপতিয়ে এক লিখিত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।

নতুন ভৱনটোত মুঠ তিনিখন মূল দ্বাৰ আছে। সেইকেইখন হৈছে জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্ম দ্বাৰ। তদুপৰি দেশৰ ভৱনটোত দেশৰ সকলো স্থানকে সমানে প্ৰতিনিধিত্ব কৰাৰ ব্যৱস্থা কৰা হৈছে ।

নতুন সংসদ ভৱনত বহিব পৰাকৈ আসনৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে, ৬৪,৫০০ বৰ্গমিটাৰ এলেকাৰে বিস্তৃত  লোকসভা ছেম্বাৰত সদস্য বহিব পৰাকৈ ৮৮৮খন আসন আছে, যিটো ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ুৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে  আৰু ৰাজ্যসভাৰ ছেম্বাৰত আছে ৩৮৪খন আসন। যিটো ৰাষ্ট্ৰীয় ফুল পদুমৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ সময়ত ১২৭২ জন সাংসদ একেলগে বহিব পাৰিব। পুৰণি সংসদ ভৱনটো সম্পূৰ্ণ হ’বলৈ ছয় বছৰ সময় লাগিছিল যদিও নতুন ভৱনটো ডেৰ-দুবছৰ অভিলেখ সময়ত সাজু হৈছিল।

নতুন ভৱনটোত মন্ত্ৰী পৰিষদৰ কাৰ্যালয় হিচাপে ব্যৱহাৰৰ বাবেও ছটা নতুন কমিটি কক্ষ আৰু ৯২টা কোঠা আছে। নতুন সংসদ ভৱনটোত প্ৰায় ৫ হাজাৰ শিল্পকৰ্ম আছে, য’ত আছে দেশৰ স্থাপত্য ঐতিহ্য, চিত্ৰ, শিলৰ ভাস্কৰ্য্য, বিভিন্ন ৰাজ্যৰ সুকীয়া হস্তশিল্পৰ পৰম্পৰা প্ৰদৰ্শন কৰা হয়।

উল্লেখযোগ্য যে, চাৰিমহলীয়া এই ভৱনটোৰ নিৰ্মাণত ব্যয় হৈছে ৮৬২ কোটি টকা ।

আনহাতে, বিৰোধী দল কংগ্ৰেছকে ধৰি ১৫ টাতকৈও অধিক বিৰোধী দলে উদ্বোধনী অনুষ্ঠানৰ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে ২৫ টাকৈ বিৰোধী দলে অংশগ্ৰহণ কৰে অনুষ্ঠানত । যেনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্ডে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা , নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ’ , আৰু চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আদি মুখ্যমন্ত্ৰীসক উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানৰ সময়ত কেইবাখনো বিদেশী দেশৰ ৰাষ্ট্ৰদূতসকলো উপস্থিত থাকে।

প্ৰণিধানযোগ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতত স্থাপন কৰে ছেংগুল। ছেংগুল হৈছে ভাৰতৰ ক্ষমতাৰ ৰাজদণ্ড। দেওবাৰে মাংগলিক নীতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ছেংগুল প্ৰতিষ্ঠা কৰিছে। ১৯৪৭ চনতে নিৰ্মাণ কৰা এই ছেংগুল পাঁচ ফুট দৈঘ্যৰ।

আগন্তুক ২৫ বছৰত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰি “আজাদী কা অমৃত কাল”ৰ এই সময়ছোৱাত প্ৰতিজন নাগৰিকক উন্নত ভাৰতৰ দিশত কাম কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *