পুনৰ জনতাৰ মূৰত ৰামটাঙোন বৃদ্ধি হ’ব ম’বাইলৰ ৰিচাৰ্জৰ মাচুল

Share

বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। ইয়াৰ মাজতে ম’বাইল ব্যৱহাৰকাৰীৰ বাবে দু:খবৰ। স্পেকট্ৰাম নিলাম সমাপ্ত হোৱাৰ পাছত টেলিকম কোম্পানীবোৰে এতিয়া নিৰিখ  বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাই আছে। জুলাইৰ পৰা ১৫- ২০% হাৰত বৃদ্ধি হব ম’বাইলৰ ৰিচাৰ্জৰ ব্যয়।যাৰ ফলত অধিক ব্যয়বহুল হব ম’বাইলৰ ব্যৱহাৰ। প্ৰিপেইড আৰু পোষ্টপেইড দুয়োটাতে দেখা যাব পাৰে এই বৃদ্ধি। কোম্পানীবোৰে  নিলামত ১১,৩৪০ কোটি টকা ব্যয় কৰিছে। এতিয়া কোম্পানীবোৰে সেই খৰচটো পুনৰুদ্ধাৰ কৰাৰ চেষ্টা চলাব। ২০২১ চনৰ ডিচেম্বৰত হেডলাইন টেৰিফ বৃদ্ধি কৰা হৈছিল। এই বৃদ্ধিৰ পৰিমান প্ৰথমে ভাৰতীয় এয়াৰটেলে ঘোষনা কৰিব বুলিও কোৱা হৈছে। এক্সিছ কেপিটেলৰ কাৰ্যবাহী সঞ্চালক  গৌৰৱ মলহোএা ৰ মতে, ভাৰতীয় এয়াৰটেলৰ শ্বেয়াৰে আগন্তক সময়ত ১৫৩৮ টকাৰ লক্ষ্যত উপনীত হব পাৰে। ৰিলায়েন্সৰ শ্বেয়াৰটো একেই পৰিস্থিতি দেখা যাব। ই শাঘ্ৰেই ৩৫১২ টকাৰ লক্ষ্য স্পৰ্ষ কৰা দেখা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *